ক’ৰণাত বিধ্বস্ত বিমান পৰিবহণ খণ্ড! এয়াৰ ইণ্ডিয়াত কৰ্তন হ’ব চাকৰি

ক’ৰণাত বিধ্বস্ত বিমান পৰিবহণ খণ্ড! এয়াৰ ইণ্ডিয়াত কৰ্তন হ’ব চাকৰি

July 12, 2020 0 By NEWS DESK

নেশ্যনেল ডেস্ক। কৰণা মহামাৰীৰ বাবে দেশৰ অৰ্থব্যৱস্থা ভয়ানক ভাৱে নিম্নগামী হৈছে।

সকলো ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানে সন্মুখীন হৈছে ব্যাপক লোকচানৰ।

প্ৰায়সংখ্যক প্ৰতিষ্ঠানে নিজৰ কৰ্মচাৰী হ্ৰাসেৰে চলাই নিব বিচাৰিছে নিজৰ উদ্যোগ।

সৰু বৰ সকলো অনুষ্ঠানতেই ইয়াৰ প্ৰভাৱ পৰিছে।

এইবাৰ বিমান পৰিৱহণ খণ্ডটো পৰিছে প্ৰভাৱ।

বিশ্বৰ আগশাৰীৰ বিমান পৰিৱহণ সংস্থা এয়াৰ ইণ্ডিয়াই অৰ্থ সংকটৰ বাবেই হ্ৰাস কৰিব বিচাৰিছে কৰ্মচাৰীৰ সংখ্যা।

কৰ্তন কৰিব বিচাৰিছে ১৮০ জন কেবিন ক্ৰু।

এয়াৰ ইণ্ডিয়া ৰ বিষয়াই শনিবাৰে এই কথা কয় যে খণ্ডটো অৰ্থনৈতিক ব্যবস্থা নিম্নগামী হোৱাৰ বাবে হ্ৰাস কৰিব বিচৰা হৈছে কৰ্মচাৰীৰ সংখ্যা।