দেশত চােৰাং চীনা চিগাৰেটৰ বৃহৎ ক’লা বজাৰ, ১.৫ কোটিৰ চিগাৰেট জব্দ

দেশত চােৰাং চীনা চিগাৰেটৰ বৃহৎ ক’লা বজাৰ, ১.৫ কোটিৰ চিগাৰেট জব্দ

July 6, 2020 0 By NEWS DESK

নেশ্যনেল ডেস্ক। দেশত চীনা ম’বাইল এপ্ নিষিদ্ধ হ’ল যদিও একাংশ লােকৰ চীনা চিগাৰেটৰ প্ৰতি মােহ এতিয়াও কমা নাই!

দেশৰ নাগৰিকৰ সুৰক্ষাৰ স্বাৰ্থত চীনা সৈন্যৰে সংঘৰ্ষত ২੦ জনকৈ ভাৰতীয় সেনাই প্ৰাণ আহুতি দিয়াৰ সময়তাে একাংশ লােকে চােৰাং চীনা সামগ্ৰীৰ বেহাত জড়িত হৈ আছে।

বিশেষকৈ ভাৰত-ম্যানমান সীমান্তৰে দেশত অবাধে প্ৰৱেশ ঘটিছে এনে চােৰাং চীনা চিগাৰেটৰ।

ভাৰত-ম্যানমাৰ সীমান্তৰ নিৰাপত্তাৰ দায়িত্বত নিয়ােজিত আছাম ৰাইফলছে এনে চােৰাং বেহা পৰিকল্পনা কেবাবাৰো ব্যৰ্থ কৰিছে।

ইপিনে, অবৈধভাৱে বিদেশৰ পৰা অনা চিগাৰেট জব্দ হয় হাইদৰাবাদত।

প্ৰায় ১.৩ কোটি মূল্যৰ চিগাৰেট খিনি শুকুৰবাৰে জব্দ কৰে হাইদৰাবাদ টাস্ক ফৰ্চে।

৬ অভিযুক্ত সহ জব্দ কৰে চিগাৰেট খিনি।

আটকা ধীন অভিযুক্ত কেইজন হল বিপুল ৰঙ্কা, জগদীশ কুমাৰ, দুঙ্গৰছন্দ শৃশ্ৰিমল, পৱন কুমাৰ, এম হনিফ।

আৰক্ষী আয়ুক্ত অঞ্জনি কুমাৰে কয় ব্যক্তিকেইজন বিভিন্ন ব্যৱসায়ৰ লগত জঢ়িত আছিল।

কিন্তু অৰ্থৰ অভাৱত গোটেইকেইজন জড়িত হয় এই অবৈধ ব্যৱসায়ত।

চীন, মালয়েছিয়া, চুইজাৰলেণ্ড, দক্ষিণ কোৰিয়া আদি ঠাইৰ পৰা অবৈধভাৱে চিগাৰেট আনি অধিক দামত ভাৰতীয় বজাৰত বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰে আটকাধীন লোককেইজনে।