CDS বিপিন ৰাৱটৰ কনিষ্ঠ ভাতৃৰ বিজেপিত যোগদান, বিধানসভা নিৰ্বাচনত কৰিব প্ৰতিদ্বন্দ্বিতা

২০২১ৰ ডিচেম্বৰত হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ হোৱা চিডিএছ বিপিন ৰাৱটৰ কনিষ্ঠ ভাতৃ কৰ্নেল বিজয় ৰাৱটে যোগ দিয়ে বিজেপিত।

বুধবাৰে দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত কৰ্ণেল বিজয় ৰাৱাটে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দুষ্মন্ত গৌতম আৰু উত্তৰাখণ্ড বিজেপিৰ সভাপতি মদন কৌশিকৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।

FJehkx-Pa-MAE7g-Bj

সমাগত উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনত তেওঁ বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, ১৯৬২ চনত ডেৰাডুনত জন্মগ্ৰহণ কৰা বিজয় ৰাৱাটে ৩৪ বছৰ সেনা বাহিনীৰ হৈ সেৱা আগবঢ়ায়। আনহাতে এক সূত্ৰৰ খবৰ অনুসৰি, সেনা বিষয়াৰূপে অৱসৰ গ্ৰহণৰ পিছতে তেওঁ জয়পুৰত থাকিবলৈ লয়। তেওঁৰ পুত্ৰও গোৰ্খা ৰেজিমেণ্টত কেপ্টেইন হিচাপে সেৱা আগবঢ়াই আছে।

FGGSa3-UUAIM0-Lk

ইফালে বিজেপিত যোগদানৰ পিছত কৰ্ণেল ৰাৱাটে সাংবাদিকৰ আগত কয়, “মই সকলোকে ধন্যবাদ দিব বিচাৰো যে মোক বিজেপিত যোগদান কৰাৰ সুযোগ দিয়া হৈছে। মই বহুদিনৰ পৰা বিজেপিত যোগদানৰ বিষয়ে চিন্তা চৰ্চা চলাই কৰি আহিছিলো। নৱগঠিত উত্তৰাখণ্ডত, মোৰ দেউতা সেনাৰ পৰা অৱসৰ লোৱাৰ পিছত বিজেপিৰ হৈ কাম কৰিছিল, আৰু এতিয়া মই এই সুযোগ পাইছো…। আমাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী, চিন্তা আৰু কাৰ্যপ্ৰক্ৰিয়া আশ্চৰ্যজনক আৰু দূৰদৰ্শী। তেওঁৰ সকলো নীতি আৰু কাম এই দেশৰ বাবে।” বিজয় ৰাৱাটে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰসিং ধামীক তেওঁৰ নেতৃত্ব আৰু ৰাজ্যখনৰ উন্নয়নৰ দৃষ্টিভংগীৰ বাবে প্ৰশংসা কৰে।

Colonel-Vijay-Rawat-retiredjpg

ধামীয়ে কয়, “স্বৰ্গীয় জেনেৰেল বিপিন ৰাৱট উত্তৰাখণ্ডৰ গৌৰৱ আছিল আৰু সদায় সেনাক শক্তিশালী কৰাৰ বাবে কাম কৰিছিল। উত্তৰাখণ্ড তেওঁৰ জন্মস্থান আছিল আৰু সেইকাৰণে তেওঁ ৰাজ্যখনৰ বাবে যথেষ্ট কাম কৰিব বিচাৰিছিল। মই সুখী যে তেওঁৰ চিন্তাধাৰাক আৰু আগুৱাই নিয়াৰ বাবে, তেওঁৰ ভাতৃ কৰ্ণেল বিজয় ৰাৱটে বিজেপিত যোগদান কৰিছে… আমাৰ দলে সদায় সৈনিকসকলক সন্মান জনাই আহিছে, আৰু সদায় সন্মান কৰি যাব।”

ইফালে, উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডালৈ লিখা এখন পত্ৰত দলৰ কেন্দ্ৰীয় নেতৃত্বক এইবাৰ বিধানসভা নিৰ্বাচনত তেওঁক প্ৰাৰ্থিত্ব প্ৰদান নকৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে ৰাজ্যখনত বিজেপিৰ বিজয় নিশ্চিত কৰিবলৈ এইবাৰ তেওঁ প্ৰতিদ্বন্দ্বিতাৰ পৰা আতৰি থাকিব বিচাৰিছে।

ডইৱালা সমষ্টিক প্ৰতিনিধিত্ব কৰা ত্ৰিবেন্দ্ৰ সিং ৰাৱাটে কয় যে যুৱ মুখ্যমন্ত্ৰী ধামীৰ ৰূপত ৰাজ্যখনৰ ৰাজনৈতিক নেতৃত্বৰ পৰিৱৰ্তন ঘটিছে। তেওঁ কয়, “পৰিৱৰ্তিত পৰিস্থিতিত মই ২০২২ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা উচিত নহয়। মই ইতিমধ্যে মোৰ নেতৃত্বক এই সন্দৰ্ভত অৱগত কৰিছো।”

Leave a Comment