CBSE ৰ দশম শ্ৰেণীৰ পৰীক্ষা বাতিল, পিছুৱালে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা

April 14, 2021 0 By NEWS DESK

নিউজ ডেস্ক। অৱশেষত দেশজুৰি শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত সৃষ্টি হােৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ পৰিণতিতে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ CBSE য়ে বাতিল কৰিলে পূৰ্ব নিৰ্ধাৰিত দশম শ্ৰেণীৰ পৰীক্ষা।

ইয়াৰ লগতে স্থগিত ৰখা হ’ল দ্বাদশ শ্ৰেণীৰ পৰীক্ষাও।

মূলতঃ দেশজুৰি ক’ভিড-১৯ৰ দ্বিতীয় ঢৌৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিষদে।

উল্লেখ্য যে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীৰ অধ্যক্ষতাত অনুষ্ঠিত এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

টুইটাৰত এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ডঃ ৰমেশ পােখৰিলয়াল নিশংকে।

তেওঁ উল্লেখ কৰে যে দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘােষণাৰ বাবে নিৰ্দিষ্ট মানদণ্ড প্ৰস্তুত কৰিব ব’ৰ্ডে।

লগতে অহা ১ জুন তাৰিখে পৰিস্থিতিৰ পুনৰ পৰ্যবেক্ষণৰ পিছতহে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলিও তেওঁ প্ৰকাশ কৰিছে।

উল্লেখ্য যে এইবেলি দেশজুৰি ১৮ লাখ শিক্ষাৰ্থীয়ে CBSE ৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ বাবে অপেক্ষাৰত আছিল। আনহাতে, ১২ লাখ শিক্ষাৰ্থীয়ে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে।

লগতে চাওকঃ

ক’ভিড আক্ৰান্ত হৈ অসমৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ দিল্লীত মৃত্যু