CBSE ৰ দশম শ্ৰেণীৰ পৰীক্ষা বাতিল, কি সিদ্ধান্ত ল’ব SEBA ই?

April 14, 2021 0 By NEWS DESK

নিউজ ডেস্ক। দেশজুৰি ক’ভিড-১৯ৰ দ্বিতীয়টাে ঢৌৰ বাবে পৰীক্ষা সূচী ঘােষণা কৰাৰ পাছতাে ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদৰ বাবে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে বাতিল কৰিলে দশম শ্ৰেণীৰ পৰীক্ষা।

বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত বৈঠকৰ পাছতে এই সিদ্ধান্তৰ বিষয়ে ঘােষণা কৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ডঃ ৰমেশ পােখৰিয়াল নিশংকে।

মন্ত্ৰীগৰাকীয়ে টুইটাৰত এই বিষয়া সদৰী কৰাৰ লগতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাও স্থগিত ৰখা বুলি প্ৰকাশ কৰে।

ইপিনে, কেন্দ্ৰ চৰকাৰৰ এই সিন্ধান্তৰ পাছতে অসমতাে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব নেকি, তাকে লৈ সৃষ্টি হৈছে কৌতূহলৰ।

বিভিন্নজনে হাইস্কুল শিক্ষান্ত পৰীক্ষাও বাতিল কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে।

উল্লেখ্য যে অহা ১১ মে’ৰ পৰা ৩ জুনলৈ অনুষ্ঠিত হ’ব হাইস্কুল আৰু হাইমাড্রাছাৰ চূড়ান্ত পৰীক্ষা। কিন্তু সেই সময়ত ৰাজ্যৰ ক’ভিড পৰিস্থিতি কি পৰ্যায়ত উপনীত হৈ তাকে লৈ উদ্বিগ্ন হৈ পৰিছে একাংশ শিক্ষাৰ্থী তথা অভিভাৱক।

ইপিনে, অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই মেট্ৰিকৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ কেতবােৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে।

বিশেষকৈ, পৰীক্ষার্থীসকলে পৰীক্ষাগৃহত আসন গ্রহণৰ ক্ষেত্ৰত ‘ছীটপ্লেন’ প্ৰস্তুত কৰি ৰাজ্যৰ সকলো জিলাৰ বিদ্যালয় পৰিদৰ্শকলৈ এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে।

সেই অনুসৰি প্রতিটো পৰীক্ষা কেন্দ্রৰ প্রথম বেঞ্চত দুজন পৰীক্ষার্থী, দ্বিতীয়খন বেঞ্চত এজন পৰীক্ষার্থী আৰু তাৰ পিছৰ বেঞ্চসমূহতো এইধৰণে পৰীক্ষার্থীসকলে বহিব লাগিব।

পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া প্রতিটো কেন্দ্রৰ দায়িত্বত থকা শিক্ষক–নিৰীক্ষকে প্রতিষেধক লোৱাটো বাধ্যতামূলক৷

প্রতিটো পৰীক্ষা কেন্দ্রলৈ মাস্ক, ছেনিটাইজাৰৰ বাবে ছেবাই প্রেৰণ কৰিব ধন।

প্রতিটো কেন্দ্রৰ প্রতিগৰাকী পৰীক্ষার্থীৰ বাবে এইবাৰ ২৫ টকাকৈ দিব ছেবাই।