CBSEৰ অধীনত ১২৬ সমষ্টিত স্থাপন হ’ব ইংৰাজী মাধ্যমৰ বিদ্যালয়ঃ শিক্ষামন্ত্ৰী…

বিধানসভা অধিৱেশনৰ চতুৰ্থটো দিনত সদনৰ মজিয়াত ৰাজ্যৰ শিক্ষাখণ্ডৰ উন্নয়নক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।

সদনত ৰাজ্যৰ ১২৬টা সমষ্টিত CBSEৰ অধীনত ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰাৰ কথা প্ৰকাশ কৰে।

লগতে শিৱসাগৰৰ ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়ক শিক্ষা বিভাগৰ অধীনলৈ অনাৰ কথা প্ৰকাশ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। 

২০১৯ৰ বাজেটত ধাৰ্য কৰা অনুসৰি আন্তঃগাঁথনিৰ বাবে বিদ্যালয়সমূহে লাভ কৰিব ৯৬২.৯৩ কোটি টকা।

ইয়াৰে ইতিমধ্যে ৭৪৭.৪৩ কোটি টকাৰ প্ৰশাসনিক অনুমোদন লাভ কৰিছে।

আনহাতে একত্ৰীকৰণৰ পাছত খালী হোৱা বিদ্যালয়ত স্থাপন হ’ব চৰকাৰী কাৰ্যালয়।

ৰাজ্যৰ ৫ বিশ্ববিদ্যালয়লৈ চৰকাৰে আগবঢ়াব ৫০ কোটি টকাৰ আৰ্থিক অনুদান।

এই ৫ বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভট্টদেৱ বিশ্ববিদ্যালয়, ৰবীন্দ্ৰ নাথ বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ লগতে আছে সতী-সাধনী আৰু মাজুলী বিশ্ববিদ্যালয়ৰ নাম।

সদনত এই সমূহ ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।

Leave a Comment