fbpx
অসম

CAA প্ৰসংগঃ CAAক লৈ সকীয়নি দি কি ক’লে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই?

পুনৰ নাগৰিকত্ব সংশোধনী আইন প্ৰসংগক লৈ ৰাজ্যত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

বৃহস্পতিবাৰে পশ্চিমবংগত CAA বলৱৎ কৰা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰা মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠন।

অমিত শ্বাহে এখন ৰাজহুৱা সভাত ক’ভিড শেষ হ’লেই সমগ্ৰ দেশতে CAA বলৱৎ হ’ব বুলি স্পষ্ট কৰি দিছিল।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

তেওঁ কয়- কা আমি নামানো, নামানো আৰু নামানো। এইটো অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ স্পষ্ট মত। অবৈধ বাংলাদেশীক ৰক্ষণা বেক্ষণ দিয়া ‘কা’ আমি নামানো।

কাৰ বিৰুদ্ধে আন্দোলন চলিছিল, চলি আছে, চলি থাকিব বুলি তেওঁ মন্তব্য কৰে।

তেওঁ কয়- ক’ভিড আৰু পৰীক্ষাৰ বাবে আন্দোলন স্তিমিত হৈ আছে। কিন্তু অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ প্ৰত্যেকৰে হৃদয়ত এটুকুৰা জুই জ্বলি আছে। সেই জুইকুৰা হ’ল ‘কা’ নমনাৰ জুই। আমি গৃহমন্ত্ৰীক সকীয়াই দিব বিচাৰিছো যে, আমি ‘কা’ নামানো, নামানো আৰু নামানো।

লগতে তেওঁ কয়-উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে। ন্যায়ালয়ে অসম-উত্তৰ পূৰ্বাঞ্চল, ত্ৰিপুৰাৰ ক্ষেত্ৰত বিষয়টো সুকীয়াকৈ চাবলৈ কৈছে।

আমি সমস্যাৰ সমাধান বিচাৰো। সমাধানৰ একমাত্ৰ উপায় অসম চুক্তিৰ প্ৰত্যেকটো দফা নিৰ্দিষ্ট সময়ৰ ভিতৰত কাৰ্যকৰী কৰা। অসমত খিলঞ্জীয়া মানুহৰ প্ৰভূত্ব থাকিব লাগিব। সৰ্বকালৰ বাবে নিৰ্ণায়ক অধিকাৰ থাকিব লাগিব বুলি মন্তব্য ভট্টাচাৰ্যৰ।

তেওঁ কয়- ‘১৯৭১ চনৰ পিছত অহা হিন্দু-মুছলমানৰ দায়িত্ব অসমে ল’ব নোৱাৰে। ‘কা’ বলৱতৰ কথা চিন্তা কৰিলে পুনৰ ৰাজপথত আন্দোলন হ’ব।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!