CAAৰ অধীনত পূব পাকিস্তানৰ পৰা অহা প্ৰব্ৰজনকাৰী নাগৰিকক আবেদনৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অসমৰ বৈদেশিক ন্যায়াধিকৰনে তেতিয়াৰ পূব পাকিস্তানৰ (বৰ্তমান বাংলাদেশ) এজন ব্যক্তিক বিদেশী হিচাপে ঘোষণা কৰি অসমৰ নাগৰিকত্বৰ বাবে নাগৰিকত্ব (সংশোধনী) আইন (চিএএ)ৰ অধীনত আবেদন কৰিবলৈ দিয়া নিৰ্দেশ প্ৰত্যাহাৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

ন্যায়াধীশ এন কোটেশ্বৰ সিং আৰু মালাশ্ৰী নন্দীৰ বিচাৰপীঠে কৰিমগঞ্জ জিলাৰ বাবলু পাল ওৰফে সুজিত পালৰ দ্বাৰা দাখিল কৰা এখন ৰিট আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ প্ৰদান কৰে।

উল্লেখ্য যে, জিলাখনৰ বৈদেশিক ন্যায়াধিকৰণে (দ্বিতীয়) ২০১৭ চনৰ মে’ মাহত পালক বিদেশী নাগৰিক হিচাপে ঘোষণা কৰিছিল। তেওঁ ১৯৭১ চনৰ ২৫ মাৰ্চ বা তাৰ পূৰ্বে বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতলৈ আহিছিল।

বিচাৰপীঠে ইয়াৰ নিৰ্দেশত কয় যে ১৯৬৪ চনৰ ৩০ ছেপ্টেম্বৰত তেওঁৰ দেউতাক বলোৰাম পাল আৰু ককাদেউতাক চিন্তাহৰণ পালৰ সৈতে তেতিয়াৰ পূব পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰাৰ সময়ত বাবলু পালৰ বয়স প্ৰায় দুবছৰ আছিল। উল্লেখ্য যে, ১৯৭১ চনৰ ২৬ মাৰ্চত পূব পাকিস্তান বাংলাদেশ হিচাপে পৃথক হয়।

ন্যায়ালয়ৰ নিৰ্দেশত কোৱা হৈছে, “… তেওঁক (পৰিয়ালটোক) ভাৰত চৰকাৰে শৰণাৰ্থীৰ মৰ্যাদা প্ৰদান কৰিছিল, যিটো পশ্চিম বংগ চৰকাৰে ভাৰতত বাস কৰিব বিচৰা পূৱ পাকিস্তানৰ সংখ্যালঘু সম্প্ৰদায়ৰ সদস্যসকলক জাৰী কৰা প্ৰমাণপত্ৰৰ পৰা স্পষ্ট হৈ আছে।”

বিচাৰপীঠে লগতে কয় যে ৰেকৰ্ডত থকা প্ৰমাণবোৰ চালে কোনো সন্দেহ নাই যে আবেদনকাৰীয়ে ১৯৬৪ চনত ভাৰতত প্ৰৱেশ কৰিছিল আৰু তাৰ পিছত তেওঁ ১৯৮৪ চনলৈকে কলিকতাত (বৰ্তমান কলকাতা) আছিল। তাৰ পিছত অসমলৈ গুচি আহে আৰু নিগাজিকৈ বসবাস আৰম্ভ কৰে।

বিচাৰপীঠে পালক ভাৰতীয় নাগৰিক হিচাপে ঘোষণা কৰিবলৈ অক্ষম বুলিও প্ৰকাশ কৰে। বিচাৰপীঠে কয় যে, ব্যক্তিজনে যিহেতু এই দেশত নহয়, পূৱ পাকিস্তানত (বৰ্তমান বাংলাদেশ) জন্মগ্ৰহণ কৰিছিল আৰু ১৯৬৪ চনত ভাৰতত প্ৰৱেশ কৰিছিল, সেইবাবে তেওঁক ভাৰতীয় নাগৰিক হিচাপে ঘোষণা কৰাত অসুবিধা আছে।

ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে নাগৰিকত্ব আইন, ১৯৫৫ ৰ অধীনত ধাৰা ৬এ(২)ৰ বাহিৰে কোনো ব্যৱস্থা নাই যে ১৯৬৪ চনত তদানীন্তন পূব পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰা এজন ব্যক্তিক ভাৰতীয় বুলি গণ্য কৰিব পৰা যায়।

”যিহেতু আবেদনকাৰীক নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ৰ আধাৰত অবৈধ প্ৰব্ৰজনকাৰী হিচাপে গণ্য কৰিব নোৱাৰি আৰু যিহেতু তেওঁ ১৯৬৪ চনত প্ৰৱেশ কৰাৰ পৰা ৬০ বছৰৰো অধিক সময় ধৰি ভাৰতত বাস কৰি আহিছে, আমাৰ দৃষ্টিত তেওঁক নাগৰিকত্ব আইন, ১৯৫৫ৰ ধাৰা ৫ ৰ অধীনত পঞ্জীয়নৰ দ্বাৰা নাগৰিকত্ব প্ৰদান কৰাৰ বিষয়ে বিবেচনা কৰাৰ অধিকাৰ আছে।” ন্যায়ালয়ে কয়।

আদালতে আবেদনকাৰীক নাগৰিকত্ব আইন, ১৯৫৫ৰ ধাৰা ৫ ৰ অধীনত ভাৰতৰ নাগৰিক হিচাপে পঞ্জীয়নৰ বাবে সক্ষম কৰ্তৃপক্ষৰ সন্মুখত তৎক্ষণাৎ আবেদন জনাবলৈ নিৰ্দেশ দিয়ে।

বিচাৰপীঠে কয় যে সক্ষম কৰ্তৃপক্ষই আবেদন প্ৰাপ্তিৰ পিছত আবেদনকাৰীৰ নাগৰিকত্ব সম্পৰ্কে উপযুক্ত ৰায় প্ৰদান কৰিব। আৱেদনখন বিবেচনা নকৰালৈকে, তেওঁৰ বিৰুদ্ধে ৰাজ্য বা বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা কোনো শাস্তিমূলক ব্যৱস্থা লোৱা নহ’ব বুলিও নিৰ্দেশ জাৰি কৰে উচ্চ ন্যায়ালয়ে।

Leave a Comment