কভিড-১৯ ৰ পিছত এইবাৰ চীনত বিউবনিক প্লেগৰ প্ৰকােপ, এলাৰ্ট জাৰি

কভিড-১৯ ৰ পিছত এইবাৰ চীনত বিউবনিক প্লেগৰ প্ৰকােপ, এলাৰ্ট জাৰি

July 7, 2020 0 By NEWS DESK

ইন্টাৰনেশ্যনেল ডেস্ক। চীনত উৎপত্তি হােৱা ক’ৰনা মহামাৰীৰ সংহাৰী ৰূপৰ মাজতে পুনৰ আন এক মহামাৰীয়ে হাহাকাৰৰ সৃষ্টি কৰিছে চীনত।

চীনত উৎপত্তি হোৱা এই নতুন ৰোগ বিধৰ নাম হ’ল বিউবনিক প্লেগ।

দেশখনৰ বায়ানুৰত এই ৰোগত আক্ৰান্ত হোৱা এজন ৰোগী ধৰা পৰিছে। যাৰ পৰিপ্ৰেক্ষিতত উক্ত অঞ্চলটােত জাৰি কৰা হৈছে হাই এলাৰ্ট।

ইয়াৰ পূৰ্বেও ১জুলাইত জিনহোৱাত ধৰা পৰিছিল দুজন আক্ৰান্ত।

২০২০ ৰ শেষলৈকে এই ৰোগৰ ভয়াৱহতাৰ কথা ঘোষণা কৰিছে বায়ানুৰ স্বাস্থ্য বিভাগে।

চহৰখনত বৰ্তমান এই ৰোগৰ গণ সংক্ৰমণে প্ৰত্যাহ্বানৰ সৃষ্টিৰ কথাও উল্লেখ কৰে স্বাস্থ্য বিভাগে।

সেয়েহে দেশখনৰ নাগৰিকক আত্মসুৰক্ষাৰ ওপৰত গুৰুত্ব দিবলৈ অনুৰোধ জনাইছে।

জিনহোৱাৰ দুজন ভাতৃয়ে ‘মাৰ্মত’ (Marmot)ৰ মাংস ভক্ষণ কৰাৰ পিছত তেওঁলোকৰ দেহত ধৰা পৰে এই ৰোগ।

তেওঁলোকক দুখন পৃথক চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে।

তেওঁলোকৰ সংস্পৰ্শলৈ অহা মুঠ ১৪৬ জন লোকক পৃথকে ৰখাৰ লগতে স্থানীয় চিকিৎসালয়ত চিকিৎসা কৰি ৰখা হৈছে।

বৰ্তমান ‘মাৰ্মত’ ৰ মাংস খোৱা বন্ধ কৰা হৈছে ঠাইখনত।

WHO এ জনাইছে যে এই বেক্টেৰিয়াজনিত ৰোগত আক্ৰান্তই যদি ২৪ ঘণ্টাৰ ভিতৰত চিকিৎসা লাভ নকৰে, তেন্তে তেওঁ ৰ মৃত্যু হোৱাৰ আশংকাই অধিক।

উল্লেখ্য যে চীনৰ এক গৱেষকৰ দলে গাহৰিৰ দেহত ধৰা পৰা জি৪(G4) ভাইৰাছৰ পৰা হব পৰা আন এক মহামাৰীৰ কথা ঘোষণা কৰাৰ পিছতেই নতুনকৈ ধৰা পৰিছে এই ৰোগ।