
ক’ৰনাঃ মেঘালয় BSF ৰ মুখ্য কাৰ্যালয় কণ্টেইনমেণ্ট জ’ন ঘোষণা
July 12, 2020নিউজ ডেস্ক, শ্বিলং। দেশৰ প্ৰতিটো প্ৰান্তৰ লগতে মেঘালয়তাে বৃদ্ধি পাইছে ক’ৰণা আক্ৰান্তৰ সংখ্যা।
যোৱা ২৪ ঘণ্টাত মেঘালয়ত নতুনকৈ চিনাক্ত হৈছে ৭৬ জন আক্ৰান্ত।

বিশেষকৈ মেঘালয় BSF ৰ মুখ্য কাৰ্যালয়ৰ জোৱানৰ দেহত ধৰা পৰিছে কভিড পজিতিভ।
সেয়েহে উম্পলিং স্থিত কাৰ্যালয়টোৰ সমগ্ৰ অঞ্চল চৰকাৰে ঘোষণা কৰিছে কণ্টেইনমেণ্ট জ’ন।
#Update
— Conrad Sangma (@SangmaConrad) July 12, 2020
Total Active cases- 248
Total Recovered- 45
BSF- 178
Non BSF- 70 (including 4 from Air Force)
সাময়িকভাৱে চৰকাৰে অঞ্চলটো লোক ডাউন হিচাপেও ঘোষণা কৰিছে।
চৰকাৰে আক্ৰান্ত থকা কেইবাখনো ঠাই কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে।
ৰাজ্য খনত বৰ্তমান মুঠ আক্ৰান্তৰ সংখ্যা ২৪৮।
এই পৰ্যন্ত ৪৫ জন লােক সুস্থ হৈছে।
আক্ৰান্তসকলৰ ১৭৮ জনেই হৈছে বিএছএফৰ বিষয়া-জােৱান।
৪ জন লােক বায়ু সেনাৰ জােৱান।