BSFৰ অভিযানত জব্দ ৪ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ, আটক তিনি সৰবৰাহকাৰী…

BSFৰ অভিযানত জব্দ ৪ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ। আটক তিনি সৰবৰাহকাৰী।

কৰিমগঞ্জৰ ৰাতাবাড়িত সীমান্ত সুৰক্ষা বাহিনীয়ে এই সফলতা লাভ কৰে।

পিছত আৰক্ষীৰ হাতত গতাই দিয়ে আটকাধীন সৰবৰাহকাৰী কেইটাক।

মিজোৰামৰ পৰা অসমত প্ৰৱেশৰ সময়তে সীমান্ত সুৰক্ষা বাহিনীৰ চোৰাংচোৱাৰ জি শাখা আৰু ১৩৪ ব্যেটেলিয়ানে হিৰ’ইন সহ তিনি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

আন্তঃজিলা ড্রাগছ মাফিয়া ৰাতাবাড়িৰ ছোট ভূবিৰবন্দ সীমান্তক ড্রাগছ কৰিডৰ ৰূপে ব্যৱহাৰ কৰি আনিপুৰ জামুয়াং পথেৰে ৰাজ্যত ড্রাগছ সৰবৰাহ কৰি অহাৰ তথ্য লাভ কৰিছিল বি এছ এফৰ চোৰাংচোৱাই।

তথ্য লাভৰ পিছৰে পৰা শনিবাৰে পুৱাৰ পৰাই সাধাৰণ সাজপাৰত সীমান্ত সুৰক্ষা বাহিনীৰ চোৰাংচোৱা শাখা আৰু ১৩৪ ব্যেটেলিয়ান আনিপুৰ জামুয়াং পথত তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰি থাকে।

নিশা ৮ টা মান বজাত মিজোৰামৰ পৰা ছোট ভূবিৰবন্দ সীমান্ত পাৰ কৰি অসমত প্ৰৱেশৰ সময়তে নিভিয়া বজাৰত AS 12 D 1969 নম্বৰৰ অল্টো বাহনত তালাচী চলাই জব্দ কৰে ৬০৫ গ্ৰাম ওজনৰ হিৰ’ইন ।

লগতে ড্রাগস সৰবৰাহৰ লগত জড়িত দুই মিজো নাগৰিক লালথাঙা আৰু জোৰাম মাওয়াইয়াসহ অসমৰ জামিল আহমদ নামৰ এজনক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে।

আন্তৰ্জাতিক বজাৰত জব্দ হোৱা হিৰ’ইন খিনিৰ মূল্য অনুমানিক চাৰি কোটি টকা হব বুলি বি এস এফৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

Leave a Comment