মৰ্মান্তিক! তীব্ৰবেগী চেন্ট্ৰ’ৰ সৈতে স্কুটীৰ ভয়ংকৰ সংঘৰ্ষত নিহত ২

মৰ্মান্তিক! তীব্ৰবেগী চেন্ট্ৰ’ৰ সৈতে স্কুটীৰ ভয়ংকৰ সংঘৰ্ষত নিহত ২

July 31, 2020 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যৰ ৰাজপথত পুনৰ সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা।

স্কুটীৰ সৈতে চেন্ট্ৰ’ বাহনৰ ভয়ংকৰ সংঘৰ্ষত নিহত হ’ল ভাতৃ-ভগ্নী।

ঘটনাৰ স্থান নগাঁও জিলাৰ বৰঘাট।

জানিব পৰা মতে, পুৱা ১੦.৩੦ মান বজাত বৰঘাট বাইপাছৰ সংঘটিত হয় এই দুৰ্ঘটনা।

গুৱাহাটীৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা তীব্ৰবেগী চেন্ট্ৰ’ বাহনখনে ডিভাইডৰ অতিক্ৰম কৰিবলৈ লওঁতেই স্কুটীখনত তীব্ৰ বেগত খুন্দা মাৰে।

দুৰ্ঘটনাটাে ইমানেই ভয়ংকৰ আছিল যে বাহনখন পথৰ দাঁতিত দ’ খাৱৈত লুটি খাই পৰে।

এই দুৰ্ঘটনাত ননৈ কুমাৰ গাঁৱৰ পল্লৱ শইকীয়া তথা ভগ্নী পংখী শইকীয়াৰ মৃত্যু ঘটে।

ঘটনাত আহতসকলক চিকিৎসায়ত ভৰ্তি কৰােৱা হৈছে।