ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাইৰ ব’লচ’নাৰোৰ শৰীৰত ধৰা পৰিছে কৰ’ণা ভাইৰাছ !

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাইৰ ব’লচ’নাৰোৰ শৰীৰত ধৰা পৰিছে কৰ’ণা ভাইৰাছ !

July 8, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- বিশ্বজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ ।

ভাৰততো প্ৰতিদিনে অতি ভয়াৱহভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ।

এইবাৰ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাইৰ ব’লচ’নাৰোৰ শৰীৰত ধৰা পৰিছে কৰ’ণা ভাইৰাছ ।

মঙলবাৰে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি গৰাকীয়ে নিজেই কৰ’ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, ব্ৰাজিলৰ ৰাষ্ট্ৰপতি ব’লচ’নাৰোৱে কৰ’ণা প্ৰতিৰোধী ব্যৱস্থা সমূহ গ্ৰহণ নকৰা আৰু ইয়াক সাধাৰণ ফ্লু আখ্যা দিয়া বাবে নিজ দেশত তীব্ৰ সমালোচনাৰ সন্মুখিন হৈছিল ।

 আনকি দেশখনৰ নাগৰিকে ৰাষ্ট্ৰপতি ব’লচ’নাৰোৰ পদত্যাগ দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

উল্লেখ্য যে, ব্ৰাজিলত কৰ’ণা আক্ৰান্ত লোকৰ সংখ্যাই দহ লাখ অতিক্ৰম কৰিছে ।