মৃতদেহ অদল-বদল! হিন্দুৰ দেহ কবৰত, মুছলমানক কৰিলে দাহ

মৃতদেহ অদল-বদল! হিন্দুৰ দেহ কবৰত, মুছলমানক কৰিলে দাহ

July 9, 2020 0 By NEWS DESK

নেচনেল ডেস্ক। ক’ৰনা ভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত হৈ মৃত্যু হােৱা দুগৰাকী মহিলাৰ মৃতদেহ চিকিৎসালয়ত সাল-সলনি হােৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে দেশৰ ৰাজধানী চহৰখনত।

জানিব পৰা মতে, এইমছৰ ট্ৰ’মা কেয়াৰ ইউনিটে ক’ভিড-১৯ত আক্ৰান্ত হােৱা এগৰাকী মুছলমান মহিলাৰ মৃত্যু হােৱা বুলি পৰিয়ালৰ লােকক অৱগত কৰিছিল।

প্লাষ্টিকৰে মেৰিওৱা মহিলাগৰাকীৰ মৃতদেহটাে লৈ পৰিয়ালৰ লােকে কবৰস্থানত উপস্থিত হৈছিল।

কিন্তু মৃতদেহটাে কবৰস্থ কৰাৰ পূৰ্বে আত্মীয়ই অন্তিমবাৰৰ বাবে চাবলৈ ইচ্ছা কৰাত প্লাষ্টিকৰ ঢাকােন আঁতৰাই দিয়াৰ লগে লগে পৰিয়ালৰ লােক অবাক হৈ পৰে।

কিয়নো মৃতদেহটাে উক্ত মহিলাৰ নাছিল, এগৰাকী হিন্দুধৰ্মী মহিলাৰহে আছিল।

এই মহিলাৰাে ক’ৰনাত মৃত্যু হৈছিল।

এই খবৰ এইমছ কৰ্তৃপক্ষক অৱগত কৰা হয় যদিও ইতিমধ্যে প্ৰকৃত মহিলাগৰাকীৰ মৃতদেহ হিন্দু পৰিয়ালটােৱে ভুলবশতঃ দাহ সৎকাৰ কৰে।

এই ঘটনাত চিকিৎসালয় কৰ্তৃপক্ষৰ কৰ্মকাণ্ডত ক্ষুব্ধ হৈ পৰি দুই পৰিয়ালৰ লােক।

ইপিনে, এইমছ্ কৰ্তৃপক্ষই ঘটনাক লৈ তদন্ত কমিটী গঠন কৰাৰ লগতে এজন কৰ্মচাৰীক নিলম্বিত কৰিছে।