ক’লা বজাৰত ১ লাখ টকালৈ উঠিল অক্সিজেন চিলিণ্ডাৰৰ দাম, গ্ৰেপ্তাৰ ১

ক’লা বজাৰত ১ লাখ টকালৈ উঠিল অক্সিজেন চিলিণ্ডাৰৰ দাম, গ্ৰেপ্তাৰ ১

July 12, 2020 0 By NEWS DESK

নেশ্যনেল ডেস্ক। কভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত যেন সমগ্ৰ দেশত যেন চলিব ধৰিছে চিকিৎসা সম্বন্ধীয় বিভিন্ন সামগ্ৰীৰ কলা ব্যৱসায়।

ঔষধৰ পিছত এইবাৰ কলা ব্যৱসায়ী নামি পৰিছে অক্সিজেন চিলিণ্ডাৰৰ ব্যৱসায়ত।

হাইদৰাবাদত সংঘটিত হৈছে তেনে ঘটনা।

Home quarantine ত থকা এজন কভিড-১৯ ৰোগীক শনিবাৰে অবৈধ ভাৱে যোগান ধৰিবলৈ আহোতে আৰক্ষীয়ে কৰায়ত্ব কৰে তেনে এজন ব্যৱসায়ীক।

উল্লেখ্য যে শুকুৰবাৰে ও এজন তেনে ব্যৱসায়ীক আৰক্ষীয়ে ২৫ টা চিলিণ্ডাৰ সহ গ্ৰেপ্তাৰ কৰে। যিসমূহ অবৈধ ভাৱে প্ৰতিটো চিলিণ্ডাৰ ১ লাখ টকা মূল্যত বিক্ৰীৰ বাবে আনিছিল।

হাইদৰাবাদ আৰক্ষী আয়ুক্ত অঞ্জনী কুমাৰে টুইট যোগে কয় যে এনেদৰে চিলিণ্ডাৰ বিক্ৰী কৰাটো অবৈধ।

মহম্মদ অমেৰ নামৰ এনে অবৈধ এজন চিকিৎসা সামগ্ৰী বিক্ৰী কৰোঁতাক আমি গ্ৰেপ্তাৰ কৰিছোঁ।

ধৃত লোকজনে ২৮ টা অক্সিজেন চিলিণ্ডাৰ অনুজ্ঞা পত্ৰ অবিহনে বিভিন্ন জনক বিক্ৰী কৰিছিল।

হাইদৰাবাদ আৰক্ষী, প্ৰশাসন, জনস্বাস্থ্য বিভাগে এই ঘটনা সম্বন্ধত তদন্ত অব্যাহত ৰাখিছে।

দোষী ব্যক্তিক Drugs & Cosmetics Act 1940, the Indian Penal Code, Disaster Management Act and the Indian Explosives Act, 1984, অধীনত কঠোৰ শাস্তি দিয়াৰ কথা ঘোষণা কৰিছে আৰক্ষী প্ৰশাসনে।