ঔষধৰ ক’লা বেহা! ৫,৪੦੦ টকাৰ ঔষধ বিক্ৰী ২੦ হেজাৰত, গ্ৰেপ্তাৰ হ’ল দুজন

ঔষধৰ ক’লা বেহা! ৫,৪੦੦ টকাৰ ঔষধ বিক্ৰী ২੦ হেজাৰত, গ্ৰেপ্তাৰ হ’ল দুজন

July 11, 2020 0 By NEWS DESK

নেশ্যনেল ডেস্ক। জনসাধাৰণ অভূতপূৰ্ব দুৰ্যােগৰ সময়তো ঔষধৰ ক’লা বেহাত নামি পৰিছে একাংশ অসাধু লােক।

শেহতীয়াকৈ ক’ৰনা ভাইৰাছৰ চিকিৎসাত ব্যৱহাৰ হােৱা Ramdesivir নামৰ ঔষধক লৈ দেশৰ একাধিক ৰাজ্যত গঢ়ি উঠিছে ক’লা বজাৰ।

মহাৰাষ্ট্ৰৰ পুনে জিলাত ফাদিল হৈছে ঔষধৰ অবৈধ বেহাৰ এনে ঘটনা।

কভিড-১৯ ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহৃত এই ঔষধ অধিক দামত বিক্ৰী কৰি দুজন লোক গ্ৰেপ্তাৰ হ’বলগীয়া হয়।

আৰক্ষীয়ে ধৃত লোক দুজনৰ পৰা ৪ টা এনে বেজী জব্দ কৰে।

ঔষধটোৰ প্ৰকৃত দাম আছিল ৫৪০০।

কিন্তু লোক দুজনে ইয়াক বিক্ৰী কৰিছিল চাৰি গুণ অধিক দামত অৰ্থাৎ ২০ হাজাৰ টকাত।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।