দৰমহা লাভ নকৰাৰ বাবে হাত কাটি তেজেৰে ‘ভ্ৰষ্টাচাৰ মুৰ্দাবাদ’ লিখি শিক্ষকৰ আত্মহত্যাৰ চেষ্টা !

দৰমহা লাভ নকৰাৰ বাবে হাত কাটি তেজেৰে ‘ভ্ৰষ্টাচাৰ মুৰ্দাবাদ’ লিখি শিক্ষকৰ আত্মহত্যাৰ চেষ্টা !

July 8, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- এগৰাকী শিক্ষকৰ এক চাঞ্চল্যকৰ কাণ্ড ।

দৰমহা লাভ নকৰাৰ বাবে নিজৰ হাত কাটি আত্মহত্যাৰ চেষ্টা শিক্ষকৰ ।

তেজেৰে বেৰত লিখিলে ‘ভ্ৰষ্টাচাৰ মুৰ্দাবাদ’ ।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বিহাৰৰ সীতামঢ়ীৰত ।

সঞ্জীৱ কুমাৰ নামৰ শিক্ষকজনে হাত কাটি তেজেৰে বেৰত ‘ভ্ৰষ্টাচাৰ মুৰ্দাবাদ’ বুলি লিখে আৰু তাৰপিছতে ডিঙিৰ সিৰা কাটি আত্মহত্যাৰ চেষ্টা কৰে ৷

অৱশেষত অচেতন অৱস্থাত শিক্ষকজনক প্ৰথমে স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও পিছত মুজ্জাফাৰপুৰৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷

উল্লেখ্য যে, ২০১৩ চনত চাকৰিত যোগদান কৰিছিল সঞ্জীৱ কুমাৰ নামৰ শিক্ষকজনে ৷

প্ৰথমে তিনিবছৰ থিকেই দৰমহা লাভ কৰিছিল যদিও হঠাতে দৰমহা বন্ধ হৈ পৰে সঞ্জীৱৰ ।

যাৰ বাবে ২০১৬ চনৰ পৰা বিনা দৰমহাৰে সেৱা আগবঢ়ায় আহিছে সঞ্জীৱ কুমাৰে ৷

দৰমহা মুকলি কৰি দিবলৈ শিক্ষকজনে বহুবাৰ চৰকাৰী কাৰ্যালয়ত কাকুতি মিনতি কৰিছিল যদিও কোনো ফল নধৰাত অৱশেষত এই চৰম সিদ্ধান্ত বাচি লয় শিক্ষকজনে ।

এই খবৰৰ পাছতে শিক্ষকসকল ক্ষোভিত হৈ শিক্ষা বিভাগৰ কাৰ্যালয়ত ধৰ্ণা প্ৰদৰ্শন কৰে ৷