লকডাইনৰ সময়ত সহায় আগবঢ়োৱা বাবে ভূটানৰ ৰজাই ধন্যবাদ জনালে অসমৰ মুখ্যমন্ত্ৰীক !

লকডাইনৰ সময়ত সহায় আগবঢ়োৱা বাবে ভূটানৰ ৰজাই ধন্যবাদ জনালে অসমৰ মুখ্যমন্ত্ৰীক !

August 1, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- লক ডাউনৰ সময়ত অসমৰ সহায়ৰ বাবে ধন্যবাদ জনালে ভূটানৰ ৰজাই ।

ভূটানৰ ৰজা জিগমে খেছাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰিছে ।

এখন পত্ৰযোগে মুখ্যমন্ত্ৰী সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে সম্ৰাটগৰাকীয়ে ।

সম্ৰাটগৰাকীয়ে লিখিছে- অসমৰ জনসাধাৰণে প্ৰয়োজনীয় লকডাউন আৰু জনসাধাৰণৰ গতিবিধি কৰ্তনৰ মজেৰে মহামাৰী ৰোধৰ বাবে কঠিন যুঁজ চলাইছে, অসমৰ সুহৃদয় কৰ্তৃপক্ষই ভূটানলৈ অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই অনা বাহনসমূহৰ যাতায়তত অনুমতি দি  লকডাউনৰ সময়ত ইয়াৰ জনসাধাৰণৰ কল্যাণ নিশ্চিত কৰিছে ।’

লগতে সম্ৰাটগৰাকীয়ে ইয়াক অসম আৰু ভূটানৰ জনসাধাৰমৰ মাজত থকা বন্ধুত্ব আৰু ভাতৃত্ববোধৰ প্ৰতিফলন বুলি অভিহিত কৰিছে ।

শুকুৰবাৰে ৰাজ্য চৰকাৰে এক বিবৃতিযোগে এই কথা সদৰী কৰিছে ।