বাঘজানত আকৌ জুই ! এইবাৰ কৃষি ভূমিলৈ গতি কৰিছে বাঘজানৰ জুইয়ে…

বাঘজানত আকৌ জুই ! এইবাৰ কৃষি ভূমিলৈ গতি কৰিছে বাঘজানৰ জুইয়ে…

August 2, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- বাঘজানত আকৌ জুই ।

পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বাঘজান অগ্নিকাণ্ডই ।

বিধ্বংসী জুইৰ লেলিহানে পুনৰ আতংকিত কৰিছে অঞ্চলবাসীক ।

এইবাৰ কৃষিভূমিলৈ গতি কৰিছে বাঘজানৰ জুইয়ে ।

অগ্নিকাণ্ড সংঘটিত হোৱা কূপৰ পৰা প্ৰায় ২০০ মিটাৰ আতঁৰত জুই ।

পথাৰৰ মাজত গোট খোৱা কণ্ডেনচেট তেলত অকস্মাতে জুই সংঘটিত হোৱা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে, ২ মাহৰ অধিক সময় হৈ যোৱাৰ পিছটো জুই নুমুৱাবলৈ সক্ষম হোৱা নাই অইল ইণ্ডিয়া কতৃপক্ষই ।

যোৱা ২২ মেত বাঘজানত সংঘটিত হৈছিল ভয়ংকৰ অগ্নিকাণ্ড ।

উল্লেখ্য যে,  জুই নুমুৱাবলৈ বাহিৰৰ পৰা বিশেষজ্ঞৰ দল আহিছে যদিও এতিয়াও জ্বলিয়েই আছে বাঘজানৰ জুই ।