ATCৰ অধীনৰ চাহ শ্ৰমিকলৈ সুখবৰ! কাইলৈৰ ভিতৰত চাহ শ্ৰমিকসকলে লাভ কৰিব বানচ…

ATCৰ অধীনৰ চাহ শ্ৰমিকৰ বাবে সুখবৰ।

কাইলৈ অৰ্থাৎ ২৮ ছেপ্তেম্বৰৰ ভিতৰত চাহ শ্ৰমিকসকলে লাভ কৰিব বানচ।

২০ শতাংশকৈ বানচ লাভ কৰিব শ্ৰমিকসকলে।

ইতিমধ্যেই ৰাজ্য চৰকাৰে মোকলাই দিছে ১৮ কোটি টকা।

ATCৰ অধীনস্থ ১৫ খন চাহ বাগিচাৰ শ্ৰমিকলৈ এই বানচ।

১৬ হাজাৰ শ্ৰমিকে লাভ কৰিব বানচৰ ধন।

বেংক একাউণ্টৰ জৰিয়তে চাহ শ্ৰমিকে লাভ কৰিব এই ধন।

জনালে ATCৰ অধ্যক্ষ ৰাজদ্বীপ গোৱালাই।