মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

June 30, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ হোমেন বৰ্মন। বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ খনে পেট্ৰ’ল আৰু ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাবনীয় হাৰত হোৱা মূল্য বৃদ্ধি ৰোধ কৰাৰ প্ৰতিবাদত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে দুঘন্টীয়া তীব্ৰ প্ৰতিবাদ ।

প্ৰতিবাদস্থলীৰ পৰাই বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা।

বৰাই বিজেপি চৰকাৰ খনে মূল্যবৃদ্ধি ৰোধ কৰাত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে বুলি কোৱাৰ লগতে সৰ্বসাধাৰণ জনতাৰ ওপৰত মাধমাৰ সোধাই চৰকাৰ খনে গ্ৰহণ কৰা জনবিৰোধী নীতিৰ বিৰুদ্ধে এনেদৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ।

প্ৰতিবাদৰ অন্ততঃ জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰিব কংগ্ৰেছে দলে ৷