জনপ্ৰতিনিধি-গড়কাপ্তানি বিষয়াৰ বিৰুদ্ধে সৰৱ গঞা

জনপ্ৰতিনিধি-গড়কাপ্তানি বিষয়াৰ বিৰুদ্ধে সৰৱ গঞা

June 30, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ বাবা নেওগ। স্বাধীনতাৰ অত বছৰ পিছতো পূৰ্ণাংগ স্বাধীনতা নাপালে টেকেৰি ৰাইজে জৰাজীৰ্ণ বাটপথে জীয়াতু ভুগাইছে জনসাধাৰণ ৰাইজক।

দেখিও নেদেখা ভাও স্থানীয় জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষই।

বৰ্তমান ৰাজ্যৰ চৰকাৰে যিমানেই উন্নয়নৰ কথা ক’লেও, সৰ্বাংগীন উন্নয়ন আজি ধোঁৱা চাঙত।

মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ ইনথেম পঞ্চায়তৰ অন্তৰ্গত ৮ নং ৱাৰ্ডৰ টেকেৰি গাঁৱৰ নামচাই পথছোৱা দেখিলে আপোনাৰ চকু কপালত উঠিব।

ইনথেম গাওঁ পঞ্চায়তৰ অন্তৰ্গত টেকেৰি বৃহত্তৰ অঞ্চলৰ ৰাইজে এই ব্যস্ত পথছোৱাৰে বছৰ বছৰ ধৰি জৰাজীৰ্ণ হৈ থকা পথটিয়ে বিপদ সংকুল যাতায়ত কৰি আহিছে।

চৰকাৰ তথা জনপ্ৰতিনিধিৰ চকুত নপৰা ব্যস্ত পথছোৱাৰে অঞ্চল বাসী ৰাইজে নানা সমস্যাৰ সন্মুখীন হৈ অহাৰ উপৰিও ৰোগী চিকিৎসাললৈ নিবলৈ চাৰি কিলোমিটাৰ জৰাজীৰ্ণ পথেৰে অহা-যোৱা কৰিব লগাত ৰাইজে ক্ষোভিত হৈ এই সংকটৰ সময়তে ওলাই আহিব লগিয়া হৈছে ।

টেকেৰি গাঁৱতে থকা কাউন্সিলাৰ অৰুণা চেতিয়া আৰু ৱাৰ্ড সদস্যা ৰূপা মৰাণক এই ক্ষেত্ৰত বাৰম্বাৰ জনাই আহিছে যদিও এইক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰো অভিযোগ উত্থাপিত হৈছে।

জনপ্ৰতিনিধিৰ বাবে সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰিত হোৱা পথছোৱাৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনোৱেই গুৰুত্ব আৰোপ কৰা নাই। পথছোৱা কোনো কোনো অংশ গাঁৱৰ ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে বছৰে বছৰে মেৰামতি কৰি আহিছে এই ক্ষেত্ৰত কিন্তু চৰকাৰে মাহী আইৰ চকুৰে চাই বুলি অঞ্চল বাসী ৰাইজে কয়।

অঞ্চলৰ সচেতন ৰাইজে পথছোৱা সোনকালে মেৰামতিৰ দাবী জনোৱাৰ লগতে পথচোৱা সোনকালেই নিৰ্মাণ নকৰিলে অহা বিধানসভা নিৰ্বাচন ভোট বৰ্জন কৰিব বুলিও চৰকাক সকীয়নি দিয়ে।