নৃশংস! বান্দৰক ফাঁচী দি হত্যা দুৰ্বৃত্তৰ, ভিডিঅ’ ভাইৰেল হৈ পৰাত গ্ৰেপ্তাৰ

নৃশংস! বান্দৰক ফাঁচী দি হত্যা দুৰ্বৃত্তৰ, ভিডিঅ’ ভাইৰেল হৈ পৰাত গ্ৰেপ্তাৰ

June 30, 2020 0 By NEWS DESK

নেশ্যনেল ডেস্ক। পুনৰ জীৱশ্ৰেষ্ঠ মানুহৰ অমানৱীয় কাণ্ড! হাতী, গৰু, ঘােঁৰাৰ পাছত এইবাৰ বান্দৰৰ ওপৰত দুৰ্বৃত্তৰ নৃশংসতাৰ ভিডিঅ’ ভাইৰেল।

তেলেংগানাৰ খাম্মান জিলাৰ ভেমছুৰ গাঁও।

জানিব পৰা মতে, গাঁওখনৰ তিনিটা দুৰ্বৃত্তই এটা বান্দৰক চৰম অত্যাচাৰ কৰি শেষত ফাঁচী দি হত্যা কৰে।

এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত তৎপৰ হৈ পৰে আৰক্ষী-বন বিভাগ।

জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ এনে ভিডিঅ’ ভাইৰেল হৈ পৰাত দেশজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ।

সকলােৱে একমুখে ঘটনাৰ সৈতে জড়িত পাখণ্ড কেইজনৰ গ্ৰেপ্তাৰৰ দাবী তােলে।

ইপিনে, বন বিভাগে ঘটনা সন্দৰ্ভত ৰুজু কৰা গােচৰৰ ভিত্তিত ৩ জনক গ্ৰেপ্তাৰ কৰিছে।

assamese news