বিবাহ অনুষ্ঠানত চৰকাৰী নিয়ম ভংগ কৰি জে’লত সোমাল দৰাসহ ৫ ব্যক্তি!

বিবাহ অনুষ্ঠানত চৰকাৰী নিয়ম ভংগ কৰি জে’লত সোমাল দৰাসহ ৫ ব্যক্তি!

July 5, 2020 0 By NEWS DESK

নেশ্যনেল ডেস্ক। সমগ্ৰ বিশ্বজুৰি ক্ৰমাৎ জটিল হৈ পৰিছে ক’ৰণা মহামাৰীৰ প্ৰকােপ!

ক’ৰনাৰ সংক্ৰমণ প্ৰতিৰােধৰ লক্ষ্যৰে জনতাক সুৰক্ষাৰ স্বাৰ্থত চৰকাৰে প্ৰণয়ন কৰিছে বিভিন্ন নীতি নিৰ্দেশনা।

এই নিয়ম সমূহ পালনৰ মাজেৰে সম্পাদন কৰিবলৈ দিছে নিজৰ নিজৰ কাম।

বিয়াও অনুষ্ঠিত কৰিবলৈও বান্ধি দিছে কিছু নীতি-নিয়ম।

চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰি বিবাহ অনুষ্ঠানত কেৱল ৫০ জন অতিথি থকাৰ লগতে মাস্ক ব্যৱহাৰ কৰা আৰু সামাজিক দূৰত্ব মানি চলিব লাগিব।

পিছে এই চৰকাৰী নিয়ম ভংগ কৰি বিয়া পতাৰ বাবে বিয়াৰ দিনাই গ্ৰেপ্তাৰ হবলগীয়া হ’ল এজন দৰা।

গ্ৰেপ্তাৰ হ’ল দৰাৰ আন ৪ জন আত্মীয়ও।

ঘটনাটো হ’ল উৰিষ্যাৰ বঢ়ম পুৰৰ।

যােৱা ২ জুলাইত এখন হোটেলত অনুষ্ঠিত হোৱা বিয়াখনত কোনেও মনা নাছিল নিয়ম।

হোটেল কৰ্তৃপক্ষইও কোনো গুৰুত্ব দিয়া নাছিল এই নিৰ্দেশনা পালনৰ ক্ষেত্ৰত।

তেওঁলোকে লগতে বৰ যাত্ৰীৰ লগত শোভাযাত্ৰা কৰি অধিক লোকেৰে প্ৰশাসনৰ সকলো নিৰ্দেশনা উলংঘা কৰে।

যাৰ পৰিপ্ৰেক্ষিতত গোপালপুৰ আৰক্ষী থানত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে দৰাকে ধৰি মুঠ ৫ জন লোকক নিয়ম ভংগৰ অপৰাধত গ্ৰেপ্তাৰ কৰাৰ লগতে দুখন গাড়ী ও জব্দ কৰে।

গ্ৰেপ্তাৰ কৰা আটাইকেইজনকে আদালতলৈ প্ৰেৰণ কৰে।

জিলা উপায়ুক্তই বিবাহ অনুষ্ঠিত কৰা হোটেল খন চীল কৰি দিয়ে।

ঘটনাৰ পিছতেই উৰিষ্যাৰ মুখ্যমন্ত্ৰী কাৰ্যালযে জনায় যে বৰ্তমানৰ ৰাজ্যৰ অৱস্থা কভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত অতি বেয়া।

কোনোৱে যদি চৰকাৰৰ নিয়ম ভংগ কৰে উচিত শাস্তি দিয়া হব।