শ্বহীদ কৰ্ণেলৰ পত্নীয়ে লাভ কৰিলে ৫ কােটি টকা, চৰকাৰী চাকৰি-মাটি

শ্বহীদ কৰ্ণেলৰ পত্নীয়ে লাভ কৰিলে ৫ কােটি টকা, চৰকাৰী চাকৰি-মাটি

June 24, 2020 0 By NEWS DESK

নেশ্যনেল ডেস্ক। কথা মতেই কাম! দেশৰ বাবে নিজৰ সৰ্বস্ব ত্যাগ কৰা বীৰ শ্বহীদলৈ যেন প্ৰকৃত শ্ৰদ্ধা জনালে তেলেংগানা চৰকাৰে।

assamese news

শেহতীয়াকৈ লাডাখৰ ভাৰত-চীন সীমান্তত সংঘটিত ভয়ংকৰ সৈন্য সংঘৰ্ষত শ্বহীদ হােৱা ভাৰতীয় সেনাৰ কৰ্ণেল বি সন্তােষ বাবুৰ পৰিয়াললৈ তৎকালীনভাৱে সহায় আগবঢ়ালে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে।

assamese news

উল্লেখ্য যে ঘােষণাৰ এসপ্তাহ হােৱাৰ পূৰ্বেই শ্বহীদৰ পৰিয়ালক ৫ কােটি টকা প্ৰদানৰ উপৰি হায়দৰাবাদ চহৰত ৭১১ বৰ্গ য়াৰ্ড (প্ৰায় ২১৩৩ বৰ্গফুট) ভূমি প্ৰদান কৰিছে।

লগতে বীৰ শ্বহীদৰ পত্নীলৈ চৰকাৰী চাকৰিও প্ৰদান কৰিছে তেলেংগানা চৰকাৰে।

কেৱল এয়াই নহয়, এই ঘটনাত শ্বহীদ হােৱা দেশৰ অন্য ৰাজ্যৰ শ্বহীদলৈও ১੦-১੦ লাখ টকা প্ৰদান কৰিছে তেলেংগানা চৰকাৰে।