ৰে’লৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা, ৬ শ্ৰমিকক কােৱাৰেন্টীন

ৰে’লৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা, ৬ শ্ৰমিকক কােৱাৰেন্টীন

June 25, 2020 0 By NEWS DESK

নিউজ ডেস্ক। গুৱাহাটী মহানগৰীত ক’ৰনা ভাইৰাছৰ সংক্ৰমণে ভয়ংকৰ ৰূপ লােৱাৰ সময়তে বহিঃৰাজ্যৰ পৰা ঘূৰি অহা একাংশ শ্ৰমিকে এই পৰিস্থিতিক অধিক জটিল কৰি তুলিছে।

বিশেষকৈ গন্তব্যস্থানলৈ গৈ পােৱাৰ পূৰ্বেই ৰে’লৰ পৰা পলায়নৰ চেষ্টা চলাইছে বহু কাণ্ডজ্ঞানহীন লােকে।

হােজাই জিলাত এনে একাধিক ঘটনা সংঘটিত হােৱাৰ পাছত এই বাৰ গুৱাহাটী মহানগৰীতাে অনুৰূপ ঘটনা সংঘটিত হ’ল।

অৱশ্যে স্থানীয় লােকৰ তৎপৰতাত ৰে’লৰ পৰা পলায়নৰ চেষ্টা চলােৱা ৬ জন শ্ৰমিক আটক কৰা হয়।

আটকাধীন শ্ৰমিককেইজন

আটাইকেইজনকে কােৱাৰেন্টীন কৰাৰ ব্যৱস্থা কৰে প্ৰশাসনে।

জানিব পৰা মতে, ডিমাপুৰৰ নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইল ৰে’ল যােগে অহা এই শ্ৰমিককেইজনে নাৰেংগী ৰে’ল ষ্টেশ্বনত জঁপিয়াই পলায়নৰ চষ্টা কৰে।

শ্ৰমিককেইজন হৈছে ধুবুৰীৰ গােলােকগঞ্জৰ নুৰ ৰােচিদুল ইছলাম, ছহিদল ইছলাম শ্বেখ, মইনুল হক, হাবিউল শ্বেখ, ইউনুচ আলী আৰু শ্বহীদ শ্বেখ।

জানিব পৰা মতে, শ্ৰমিকসকলে কাম কৰিবলৈ ধুবুৰীৰ পৰা ডিমাপুৰলৈ ৰেলযােগে গৈছিল।

ডিমাপুৰত উপস্থিত হােৱাৰ লগে লগে স্থানীয় প্ৰশাসনে শ্ৰমিককেইজনক নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইলত উঠাই পুনৰ অসম অভিমুখে পঠিয়াই দিয়ে।

দিনৰ ১১.৪৫ বজাত যাত্ৰীবাহী ৰে’ল গাড়ীখন নাৰেংগী ষ্টেচনত উপস্থিত হােৱাৰ লগে লগে শ্ৰমিক কেইজনে ৰে’লৰ পৰা জঁপিয়াই পলাই যােৱাৰ চেষ্টা চলায়।