মৃৎ শিল্পীৰ কাষত খাদী-গ্ৰামোদ্যােগ ব’ৰ্ড, বিজুলী চালিত চাক বিতৰণ

মৃৎ শিল্পীৰ কাষত খাদী-গ্ৰামোদ্যােগ ব’ৰ্ড, বিজুলী চালিত চাক বিতৰণ

June 24, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নৱজিৎ শৰ্মা। অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ উদ্যোগত দক্ষিণ কামৰূপৰ নহিৰাৰ ৭৭৩ নং কাৰিপাৰা প্ৰাথমিক বিদ্যালয়ত কুমাৰ শিল্পীক বিদ্যুৎ চালিত চাক বিতৰণ কৰা হয় ।

বিতৰণী অনুস্থানত উপস্থিত থাকে অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কলিতা, খাদী আৰু গ্ৰামোদ্যোগৰ মুখ্য প্ৰকাশক জয়ন্ত গোস্বামী আৰু অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতা পংকজ লোচন গোস্বামী ।

বিতৰণী অনুস্থানত কমলা কলিতাই কয় যে কুমাৰ শিল্পী সকলৰ উন্নতি সাধনৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যুৎ চালিত চাক সমূহ প্ৰদান কৰা হৈছে, আগতেও প্ৰায় ৬০ টা বিদ্যুৎচালিত চকৰি প্ৰদান কৰা হৈছে ।

বিতৰণী অনুস্থানৰ শেষত কুমাৰ শিল্পী সকলোৰ সৈতে অসম খাদী আৰু গ্ৰামোদ্যোগৰ অধ্যক্ষ আৰু মুখ্য প্ৰকাশকে মত বিনিময় কৰে ।