ক’ৰনাক লৈ চলা অপপ্ৰচাৰক লৈ পুনৰ সৰৱ স্বাস্থ্যমন্ত্ৰী!

ক’ৰনাক লৈ চলা অপপ্ৰচাৰক লৈ পুনৰ সৰৱ স্বাস্থ্যমন্ত্ৰী!

June 30, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নৱজিৎ শৰ্মা। সংবাদমাধ্যমে ক’ৰনা সন্দৰ্ভত চলা অপপ্ৰচাৰত সহযােগ কৰিছে। এনেবোৰ কাৰণতে কাকতৰো পঢ়ুৱৈৰ সংখ্যা হেনো কমি গৈছে।

একাংশ সংবাদ মাধ্যম অসমৰ মানুহৰ মৃতদেহ বিচাৰি ফুৰে।

অতি নিকৃষ্ট কাম কৰিবলৈ লৈছে এনে একাংশ সংবাদ মাধ্যমে। এই মন্তব্য ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ ।

আজি দক্ষিণ কামৰূপৰ বঙৰাস্থিত পতঞ্জলী কেন্দ্ৰত নতুনকৈ স্থাপন কৰা ক’ভিড চিকিৎসালয়ত উপস্থিত হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ ভাষাৰে সমলোচনা কৰিলে সংবাদ মাধ্যমক ।

সাংবাদিকে সত্যকাম ফুকন সন্দৰ্ভত প্ৰশ্ন কৰাৰ পিছত চিনি নাপাও বুলি কৈ সংবাদ মাধ্যমক কঠোৰ ভাষাৰে সমলোচনা কৰে মন্ত্ৰী গৰাকীয়ে ।

বঙৰাস্থিত পতঞ্জলি কোৱাৰেন্টাইন চেন্টাৰক নতুনকৈ ক’ভিড চিকিৎসালয়ৰ ৰূপ দি আজিৰে পৰা ৰোগী অহা আৰম্ভ হৈছে ।

এই চিকিৎসালয়খনত ৩০০ৰোগীক ৰখাৰ ব্যৱস্থা কৰাৰ লগতে ৩২জন চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান কৰা হ’ব ।

নতুনকৈ স্থাপন কৰা এই ক’ভিড চিকিৎসালয়খনত আজিৰ ভিতৰত ১৩০জন ৰোগী আহি ভৰ্তি হ’ব ।

লগতে পৰ্যায়ক্ৰমে একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহো ক’ভিড চিকিৎসালয় কৰা হ’ব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ।

আজি নতুনকৈ স্থাপন হোৱা ক’ভিড চিকিৎসালয়খন পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈ এনে মন্তব্য হিমন্ত বিশ্ব শৰ্মাই ।