বান-গৰাখহনীয়া পৰিস্থিতৰ বুজ ল’লে যুৱ-ছাত্ৰ পৰিষদে

বান-গৰাখহনীয়া পৰিস্থিতৰ বুজ ল’লে যুৱ-ছাত্ৰ পৰিষদে

June 24, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ ভাস্কৰজ্যোতি মহন্ত। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ(AJYCP)ৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি দাদুল নেওগ, সাধাৰণ সম্পাদক গৌতম গগৈ, প্ৰচাৰ সম্পাদক ভাস্কৰজ্যোতি মহন্তৰ নেতৃত্বত পৰিষদৰ নাজিৰা আঞ্চলিকৰ উপদেষ্টা বিকী বৰচেতীয়াৰ, সভাপতি বুবলু দত্ত, উপ সভাপতি কিৰণ ফুকন, মানসজ্যোতি গগৈ, সাধাৰণ সম্পাদক পাৰ্থপ্ৰতিম হাজৰিকা, প্ৰচাৰ সম্পাদক হিমংশু দত্তসহ এটা প্ৰতিনিধি দলে নাজিৰাৰ বিভিন্ন অঞ্চলৰ বান পৰিস্থিতিৰ বুজ লয়।

বানপীড়িত ৰাইজক ক্ষতিপূৰণ, সাহাৰ্য প্ৰদান, সংস্থাপন দিয়াৰ উপৰিও গৰাখহনীয়া সমস্যা সমূহ পৰ্যৱেক্ষণ কৰি ৰোধ কৰা পদক্ষেপ হাতত ল’বলৈ নাজিৰাৰ মাননীয় মহকুমাধিপতি মহোদয়াক স্মাৰক পত্ৰ প্ৰদান কৰি আলোচনাতো মিলিত হয়।