‘আমেৰিকাই ভাৰতক ভাল পায়’, হঠাতে কিয় এই ভাষ্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ?

‘আমেৰিকাই ভাৰতক ভাল পায়’, হঠাতে কিয় এই ভাষ্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ?

July 5, 2020 0 By NEWS DESK

ইন্টাৰনেশ্যনেল ডেস্ক। ৪ জুলাই আমেৰিকাৰ স্বাধীনতা দিৱস।

এইবাৰ দেশখনে পালন কৰে ২৪৪ তম্ স্বাধীনতা দিৱস।

সেই উদ্দেশ্যেৰে শনিবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে দেশবাসীৰ লগতে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক শুভেচ্ছা দিয়ে।

মোদীৰ টুইটৰ প্ৰত্যুত্তৰ দি ট্ৰাম্পে কয় – ধন্যবাদ মোৰ বন্ধু, আমেৰিকাই ভাৰতক ভালপায়।

বৰ্তমান এই বিষয় সমগ্ৰ বিশ্বতে চৰ্চিত হৈ পৰিছে।

ভাৰত আমেৰিকাৰ বিত্তীয় কমিটীৰ উপাধ্যক্ষ আল মাচনে কয়- ট্ৰম্প মোদীৰ মহান বন্ধুত্ব।

দুই বৃহৎ গণতন্ত্ৰ ভাৰত আমেৰিকাৰ এই সম্পৰ্কই সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছে।

জনপ্ৰিয় গায়ক মেৰী মিলবনে কয় – আপুনি আমাৰ লগত আছে বাবে আমেৰিকা আজি ধন্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ভাৰত আমাৰ মূল্যৱান বন্ধু।

গুৰদিপ সিঙে ও টুইত যোগে কয় যে ভাৰতেও আমেৰিকাত যথেষ্ট ভালপায়।