মৃত্যুৰ পূৰ্বে পিতৃলৈ ভিডিঅ’ বাৰ্তা ক’ৰনা ৰােগীৰ, চিকিৎসালয়ৰ বিৰুদ্ধে অভিযােগ

মৃত্যুৰ পূৰ্বে পিতৃলৈ ভিডিঅ’ বাৰ্তা ক’ৰনা ৰােগীৰ, চিকিৎসালয়ৰ বিৰুদ্ধে অভিযােগ

June 30, 2020 0 By NEWS DESK

নেশ্যনেল ডেস্ক। ক’ৰনা ভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত এজন ৩৪ বছৰীয়া যুৱকে মৃত্যুৰ পূৰ্বে পিতৃলৈ প্ৰেৰণ কৰা এটা ভিডিঅ’ বাৰ্তা চ’ছিয়েল মিডিয়াত সম্প্ৰতি ভাইৰেল হৈ পৰিছে।

অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী চহৰ হাদৰাবাদৰ এখন চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা যুৱকজনে এই ভিডিঅ’ বাৰ্তাযােগে পিতৃক জনাইছে যে তেওঁৰ অসহ্যকৰ কষ্ট হৈছে, উশাহ ল’ব নৰা নাই, বিষক বুকু ছাটি-ফুটি কৰিছে।

যুৱকজনে অভিযােগ কৰে যে তিনি ঘন্টা পূৰ্বে কাটি থােৱা অক্সিজেনৰ পুনৰ যােগান ধৰা নাই চিকিৎসালয় কৰ্তৃপক্ষই।

ভিডিঅ’টােত যুৱকজনে পিতৃৰ পৰা বিদায় লােৱা দৃশ্যও দেখা গৈছে।

মৃত্যুৰ এঘন্টা পূৰ্বে যুৱকজনে তােলা এই ভিডিঅ’টােৰ ওপৰত ভিত্তি কৰিয়েই পিতৃয়ে চহৰখনৰ কেইবাখনাে চিকিৎসালয়ৰ বিৰুদ্ধে গুৰুতৰ অভিযােগ উত্থাপন কৰিছে।

কমেও ১੦ খন ব্যক্তিগত খণ্ডৰ হাস্পতালে পুত্ৰক ভৰ্তি কৰাবলৈ অস্বীকাৰ কৰাৰ পিচত হাদৰাবাদৰ চৰকাৰী বক্ষ হাস্পতালত ভৰ্তি কৰাবলৈ বাধ্য হৈছিল।