বাংলাদেশৰ বৃহত্তম কোম্পানীৰ অধ্যক্ষ পদত অসমৰ জীয়ৰী

বাংলাদেশৰ বৃহত্তম কোম্পানীৰ অধ্যক্ষ পদত অসমৰ জীয়ৰী

July 30, 2020 0 By NEWS DESK

ইন্টাৰনেশ্যনেল ডেস্ক। ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশৰ বৃহত্তৰ কােম্পানীৰ পদত অধিষ্ঠিত হৈছে অসমৰ এগৰাকী সুযােগ্য সন্তান তথা বাংলাদেশৰ বােৱাৰী জীয়তী বৰুৱা।

বৈবাহিকসূত্ৰে বাংলাদেশৰ শ্বাহনাজ ৰহমান হিচাপে নাম পৰিৱৰ্তন কৰা জীয়তী বৰুৱা এসময়ৰ যােৰহাটৰ বিশিষ্ট চাহ ব্যৱসায়ী হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ শৈলেন্দ্ৰ বৰুৱাৰ কন্যা।

ব্যৱসায়ৰ সৈতে জড়িত হৈ নিজৰ দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হয় শ্বাহনাজ।

জীয়তী বৰুৱা ওৰফে শ্বাহনাজ ৰহমান- প্ৰয়াত স্বামী লতিফুৰ ৰহমান

কিছুদিন পূৰ্বে বাংলাদেশৰ বিশিষ্ট উদ্যােগপতি তথা শ্বাহনাজৰ স্বামী লতিফুৰ ৰহমানৰ মৃত্যু হােৱাত বাংলাদেশৰ বৃহত্তম কােম্পানী ট্ৰান্সকম গ্ৰুপৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হিচাপে অধিষ্ঠিত হৈছে শ্বাহনাজ।

ইয়াৰ লগতে কন্যা সিমিন ৰহমানকাে কােম্পানীটােৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিৰ্বাচিত কৰে পৰিচালন মণ্ডলীয়ে।

উল্লেখ্য যে ট্ৰান্সকম গ্ৰুপৰ অধীনত এছ কে এফ ফাৰ্মাচিউটিকেল, ট্ৰান্সকম মিডিয়া, ইলেকট্ৰনিক, খাদ্য আৰু পানীয়, চাহসহ মুঠ ৯টা ভিন ভিন কোম্পানী আছে য’ত কৰ্মৰত হৈ আছে ১৮ সহস্ৰাধিক কৰ্মচাৰী।

উল্লেখ্য যে জীয়তীয়ে শ্বিলঙৰ পাইনমাউণ্ট স্কুলত পঢ়িছিল। পঢ়ি থকা অৱস্থাতে ছেইণ্ট এডমাণ্ডছত পঢ়ি থকা বাংলাদেশৰ উদ্যোগী পৰিয়ালৰ সন্তান লতিফুৰ ৰহমানৰ সৈতে চিনাকি হয় জীয়তীৰ।

পাছত এই চিনাকী বিবাহ সূত্ৰত পৰিণত হয়।