NEWS8 NorthEast

২০২১ৰ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব ৰাজ্যৰ নতুন শিক্ষাবৰ্ষ ! ৰাজ্যিক কেবিনেটৰ অনুমোদন…

ৰিপ’ৰ্টঃ নিউজ ডেক্স- ২০২১ৰ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব ৰাজ্যৰ নতুন শিক্ষাবৰ্ষ ।

১ এ‌‌‌প্ৰিলৰ পৰা ৩১ মাৰ্চলৈ হ’ব ৰাজ্যৰ নতুন ‌শিক্ষাবৰ্ষ ।

সোমবাৰে অনুষ্ঠিত হোৱা কেবিনেটে অনুমোদন জনায় ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক ।

উল্লেখ্য কিছুদিনৰ পূৰ্বে নতুন শিক্ষাবৰ্ষক লৈ শিক্ষা বিভাগে লৈছিল গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

অৱশেষত সোমবাৰৰ ৰাজ্যিক কেবিনেটে অনুমোদন জনায় নতুন শিক্ষাবৰ্ষক ।

এই সন্দৰ্ভত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্য চৰকাৰৰ হৈ কয়- ‘সাম্প্ৰতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ বৈঠকত শিক্ষাবৰ্ষ সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ শিক্ষাবৰ্ষ পহিলা এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ হ’ব ৷’