আনলক ৩.০ সন্দৰ্ভত অসম চৰকাৰৰ নতুন নিৰ্দেশনা ! কি কি আছে গাইড লাইনত ?

আনলক ৩.০ সন্দৰ্ভত অসম চৰকাৰৰ নতুন নিৰ্দেশনা ! কি কি আছে গাইড লাইনত ?

August 2, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- অসমত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ ।

দেশত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে আনলক ৩.০ ৰ নতুন নীতি নিৰ্দেশনা ।

কিন্তু কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা শিথিলতা অসমত বলৱত্‍ নহ’ব বুলি শুকুৰবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱাৰ পিছত আজি মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰিছে এখন নতুন গাইড লাইন ।

সেই অনুসৰি…

  • ২ আগষ্টৰ সন্ধিয়া ৭ বজাৰ পৰা ১৪ আগষ্টৰ সন্ধিয়া ৭ বজালৈকে আনলক ৩.০ ।
  • সোমবাৰৰ পৰা শুকুৰবাৰলৈ খুলিব পাৰিব জিম, যোগাভ্যাস কেন্দ্ৰ, শ্বপিং মল । কামৰূপ মহানৰ জিলাত পথৰ একাষে আৰু আন জিলাসমূহত পথৰ দুয়োকাষে খুলিব পাৰিব।
  • সামাজিক ব্যৱধান ৰক্ষা কৰি সোমবাৰৰ পৰা শুকুৰবাৰলৈকে খুলিব পাৰিব ৰেষ্টুৰেন্টসমূহ ।
  • পূৰ্বৰ নিৰ্দেশনা মতেই সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈকে পথৰ একাষে খুলিব পাৰিব দোকান ।
  • প্ৰতি সপ্তাহৰ সোমবাৰ আৰু মঙলবাৰে অন্তঃজিলা যাতায়াতৰ ব্যৱস্থা ।
  • গৰ্ভৱতী মহিলাক বাদ দি, ১০০ শতাংশ কৰ্মচাৰীৰে ব্যক্তিগত আৰু চৰকাৰী কাৰ্যালয় খুলিব পাৰিব।
  • কৰ্মাচাৰীসকলৰ বাবে বাছ সেৱা নিৰ্দিষ্ট স্থানত যোগান ধৰা হ’ব ।
  • চিনেমা হল, ছুইমিং পুল, থিয়েটাৰ, বাৰ, প্ৰেক্ষাগৃহ, পাৰ্ক আদি সম্পূৰ্ণৰূপে বন্ধ থাকিব ।
  • সামাজিক, ৰাজনৈতিক, বিনোদন, একাডেমিক, ধৰ্মীয় সভা আদি অনুষ্ঠিত কৰিব নোৱাৰিব ।
  • শণিবাৰ আৰু দেওবাৰে ৰাজ্যৰ কোনো লোকে চলা-ফুৰা কৰিব নোৱাৰিব ।
  • সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈকে সান্ধ্য আইন বাহাল থাকিব ।
  • ৬৫ বছৰৰ উৰ্দ্ধৰ ব্যক্তি আৰু ১০ বছৰৰ তলৰ শিশুক ঘৰতে থকাৰ পৰা ।
  • সামাজিক স্থান আৰু কৰ্মক্ষেত্ৰতত মাস্ক পৰিধান কৰাটো অত্যন্ত বাধ্যতামূলক। মাস্ক পৰিধান নকৰিলে ১০০০ টকাৰ জৰিমনা বিহাৰ কথা ঘোষণা।