অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত সেনাৰ ব্যাপক তৎপৰতা, PLAৰ ওপৰত চােকা দৃষ্টি

অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত সেনাৰ ব্যাপক তৎপৰতা, PLAৰ ওপৰত চােকা দৃষ্টি

July 3, 2020 0 By NEWS DESK

নিউজ ডেস্ক। ক্ৰমাৎ যেন যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে ভাৰত-চীন সীমান্তত।

লাডাখৰ ঘটনাৰ পাছত অৰুণাচল প্ৰদেশৰ চীন সীমান্ততাে তৎপৰ হৈ পৰিছে ভাৰতীয় সেনা।

বিশেষকৈ ৰাজ্যখনৰ আনজাও জিলাৰ সীমান্তৰ গাঁওসমূহত তৎপৰতা বৃদ্ধি পাইছে সেনাৰ।

উল্লেখ্য যে সাংসদ তাপিৰ গাৱে চীনৰ বেদখলক লৈ কৰা মন্তব্যৰ পাছতে জিলাখনত এনদৰে সেনাৰ ব্যাপক তৎপৰতা দেখা গৈছে বুলি ধাৰণা কৰা হৈছে।

সীমান্তবাসী ৰাইজে পূৰ্বতে তেনে পৰিৱেশ কেতিয়াও দেখা নাই।

সীমান্তত যিকােনাে পৰিস্থিতিৰ সৈতে মােকাবিলা কৰিবলৈ সাজু হৈছে ভাৰতীয় সেনা।