APSC ৰ চূড়ান্ত ফলাফলৰ শীৰ্ষত কংকনজ্যোতি শইকীয়া, সততা-নিষ্ঠাৰে ৰাইজৰ সেৱা কৰিবলৈ আহ্বান মাতৃৰ

APSC ৰ চূড়ান্ত ফলাফলৰ শীৰ্ষত কংকনজ্যোতি শইকীয়া, সততা-নিষ্ঠাৰে ৰাইজৰ সেৱা কৰিবলৈ আহ্বান মাতৃৰ

December 24, 2020 0 By NEWS DESK

নিউজ ডেস্ক। অশেষ কষ্ট তথা ত্যাগৰ বিনিময়ত অসম লােকসেৱা আয়ােগৰ চূড়ান্ত পৰীক্ষাত শীৰ্ষ স্থানেৰে জিলিকিল গােলাঘাট জিলাৰ কংকণজ্যােতি শইকীয়া।

গোলাঘাটৰ টেনপুৰৰ নিবাসী প্ৰয়াত পিতৃ চন্দ্ৰেশ্বৰ শইকীয়া আৰু মাতৃ ৰঞ্জুমণি শইকীয়াৰ একমাত্ৰ পুত্ৰ কংকণ জ্যোতি শইকীয়া সাফল্যত গৌৰৱাম্বিত গোলাঘাটবাসী ৷

আনহাতে, পুত্ৰৰ সাফল্যত সুখী মাতৃয়ে ভৱিষ্যতে সততা আৰু নিষ্ঠাৰে কাম কৰি যোৱাৰ বাবে আৰ্শীবাদ প্ৰদান কৰে পুত্ৰক।

কংকনৰ সাফল্যত এতিয়া সমগ্ৰ গোলাঘাটবাসীৰ মাজত এক আনন্দ বন্যাৰ বোৱা দেখা গৈছে।

উল্লেখ্য যে বিভিন্ন বিতৰ্ক আৰু অপেক্ষাৰ অন্ত পেলাই বৃহস্পতিবাৰে ঘোষণা কৰা হ’ল অসম লোকসেৱা আয়োগৰ ফলাফল।

২০১৮ চনত অনুষ্ঠিত পৰীক্ষাৰ ফলাফলত ১৩৮ টা খালী পদৰ বাবে উত্তীৰ্ণ হৈছে ১৩৫ গৰাকী প্ৰাৰ্থী।

মুঠ পৰীক্ষাৰ্থীৰ ভিতৰত অসম অসামৰিক সেৱাৰ পৰীক্ষাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে কংকনজ্যোতি শইকীয়াই।

লগতে চাওকঃ

গৌতম গম্ভীৰৰ ‘জন ৰছােই’ত দৰিদ্ৰৰ বাবে এটকীয়া ভাত!

আচৰিত! বিমানবন্দৰত এছ্কেভটৰৰে উৰুৱালে বিমান! ছ’চিয়েল মিডিয়াত ভাইৰেল হ’ল ভিডিঅ’

কলকাতালৈ নিয়াৰ পথত এয়াৰ এম্বুলেন্সতে মৃত্যু শিলচৰৰ ক’ভিড আক্ৰান্ত যুৱকৰ