APSCৰ পৰীক্ষাত ভাষা কাকতক লৈ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

অসম লোকসেৱা আয়োগৰ মূল পৰীক্ষাত ভাষা কাকত বাধ্যতামূলক কৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

ন্যায়ালয়ে ৰায় প্ৰদান কৰি কৰি কয় যে ২০২০ বৰ্ষৰ এ পি এছ চিৰ মূল পৰীক্ষাত ভাষা কাকত বাধ্যতামূলক নহয়। ন্যায়ালয়ে বাধ্যতামূলক ভাষা কাকত অবিহনে পৰীক্ষা পতাৰ নিৰ্দেশনা প্ৰদান কৰিছে।

ৰায়দানটোত লগতে কোৱা হৈছে যে লেখ আৱেদনৰ সমাপ্তি নোহোৱালৈকে নিযুক্তি প্ৰদান কৰিব নোৱাৰিব।

প্ৰণিধানযোগ্য যে, ২০২১ৰ ২৬ নৱেম্বৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত বাধ্যতামূলক ভাষা কাকত বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। ইয়াৰ পিছতে এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ক অৱগত কৰে ৰাজ্য চৰকাৰে।

উল্লেখ্য যে, অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ভাষাৰ কাকতখনৰ মুঠ নম্বৰ আছিল ৩০০। পূৰ্বে এই ভাষা কাকতখনত উত্তীৰ্ণ নহলে সম্পূৰ্ণ পৰীক্ষাটোতেই অনুত্তীৰ্ন হৈছিল প্ৰাৰ্থী। কিন্তু ইংৰাজী মাধ্যমত পঢ়ি লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ কথা চিন্তা কৰিয়েই ভাষা কাকত বাতিল কৰাৰ সিদ্ধান্ত লৈছিল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে।

লগতে চাওকঃ

শোকাৱহ! দ খাৱৈত বাগৰি পৰিল বাহন, ৭ গৰাকী মেডিকেল ছাত্ৰৰ কৰুণ মৃত্যু

G10

Leave a Comment