APPSCৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তপ্ত পৰিস্থিতি! ইটানগৰত জাৰি ১৪৪ ধাৰা, দুদিনৰ বাবে কৰ্তন ইণ্টাৰনেট সেৱা…

নিউজ ডেস্কঃ অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল হৈ পৰিছে ৰাজ্যখন।

ইটানগৰত হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে ৰাজ্যৰ ৰাজধানীত জাৰি কৰা হৈছে ১৪৪ ধাৰা।

পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত দুটা দিনৰ বাবে ইটানগৰত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱাও।

উল্লেখ্য যে, এপিপিএছচি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ তথ্য পোহৰলৈ অহাৰ পিছতে চৰকাৰৰ বিৰোধিতাৰে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে।

image 69
APPSCৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তপ্ত পৰিস্থিতি! ইটানগৰত জাৰি ১৪৪ ধাৰা, দুদিনৰ বাবে কৰ্তন ইণ্টাৰনেট সেৱা… 3

যাৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শুকুৰবাৰে প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচালনা আৰু কন্দুৱা গেছৰ ব্যৱহাৰো কৰিবলগীয়া হয় আৰক্ষীয়ে।

ইফালে আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা প্ৰদানৰ চেষ্টা চলোৱাৰ পিছতে একাংশ প্ৰতিবাদকাৰীয়ে শিলগুটি নিক্ষেপ কৰে আৰক্ষীয়ে।

যাৰ ফলত ৪ গৰাকী আৰক্ষী জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে।

image 70
APPSCৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তপ্ত পৰিস্থিতি! ইটানগৰত জাৰি ১৪৪ ধাৰা, দুদিনৰ বাবে কৰ্তন ইণ্টাৰনেট সেৱা… 4

অন্যহাতে পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা কৰি ইটানগৰত প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে।

সমান্তৰালভাৱে যাতে এই প্ৰতিবাদে সামাজিক মাধ্যমৰ জৰিয়তে বিদ্বেষৰ ৰূপ নলয়, তাৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰৰ সন্ধিয়া ৫ বজাৰ পৰা ১৯ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫ বজালৈ সমগ্ৰ ৰাজধানী চহৰখনত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে।