APDCLৰ চৰকাৰী ঠিকাদাৰৰ পৰিচয় দি ঠিকাৰ নামত ভয়ংকৰ প্ৰৱঞ্চনা, ৰাইজে ধৰি গতালে আৰক্ষীক…

APDCLৰ চৰকাৰী ঠিকাদাৰৰ পৰিচয় দি ডিজিটেল মিটাৰৰ ছাব কনট্ৰেকৰ নামত ভয়ংকৰ প্ৰৱঞ্চনা।

নিজকে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ চৰকাৰী ঠিকাদাৰৰ পৰিচয় দি বহুতকে প্ৰৱঞ্চনা কৰাৰ অভিযোগত আৰক্ষীৰ জালত পৰিছে এগৰাকী লোক।

বহুতৰ পৰা টকা খোৱা এই লোকগৰাকীক ভগদত্তপুৰৰ একাংশ ভুক্তভোগীয়ে ধৰি আৰক্ষীক চমজাই দিয়ে।

চুলেমান নামৰ লোকগৰাকীয়ে ডিজিটেল মিটাৰৰ ছাব কনট্ৰেকৰ নামত প্ৰৱঞ্চনাৰ জাল পেলাইছিল।

বহু নিবনুৱাৰ পৰা ৩ লাখ টকাকৈ লৈ বৃহত্‍ ধন আত্মসাত্‍ কৰাৰ অভিযোগ চুলেমানৰ বিৰুদ্ধে।