সম্প্ৰতি বিপদ মুক্ত মেগাষ্টাৰ অমিতাভ বচ্চনঃ ডাঃ ৰণদ্বীপ গুলেৰীয়া !

সম্প্ৰতি বিপদ মুক্ত মেগাষ্টাৰ অমিতাভ বচ্চনঃ ডাঃ ৰণদ্বীপ গুলেৰীয়া !

July 12, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- দেশজুৰি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে ।

প্ৰতিদিনে অতি ভয়াৱহভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ।

মাৰাত্মক কৰ’ণাত আক্ৰান্ত হয় বলীউডৰ বিগ বি অমিতাভ বচ্চনৰ লগতে তেখেতৰ পৰিয়াল ।

কৰ’ণাত আক্ৰান্ত হয় পুত্ৰ অভিষেক বচ্চন, বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চন আৰু নাতিনী আৰাধ্যা ।

ইতিমধ্যে মুম্বাই পৌৰ নিগমে কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে অমিতাভ বচ্চনৰ বাসভৱন জলশা ।

ইয়াৰ মাজতে এইমছৰ মুখ্য সঞ্চালক ডাঃ ৰণদ্বীপ গুলেৰীয়াই জনাইছে যে, সম্প্ৰতি বিপদ মুক্ত মেগাষ্টাৰ অমিতাভ বচ্চন ।