আকাশত দুখন বিমানৰ মাজত ভয়ংকৰ সংঘৰ্ষ ! নিহত ৭গৰাকীকৈ লোক…

আকাশত দুখন বিমানৰ মাজত ভয়ংকৰ সংঘৰ্ষ ! নিহত ৭গৰাকীকৈ লোক…

August 1, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- আকাশমাৰ্গত দুখন বিমানৰ মাজত ভয়ংকৰ সংঘৰ্ষ ।

আমেৰিকাৰ আলাস্কা ৰাজ্যৰ আকাশত দুখন বিমানৰ মাজত হোৱা সংঘৰ্ষৰ ফলত নিহত হয় ৭গৰাকীকৈ লোক ।

৬গৰাকী লোক থিতাতে নিহত হোৱাৰ লগতে চিকিৎসালয়ত মৃত্যু হয় এগৰাকী লোক ।

বিমান দুখনৰ এখনত পাইলটৰ চীটত আছিল আলাস্কাৰ আইনী বিশেষজ্ঞ গে নপ নামৰ এগৰাকী লোক আৰু আনখন বিমানত আছিল পাইলটৰ সৈতে চাৰি গৰাকী পৰ্যটক ।

আকাশত সংঘৰ্ষৰ পাছতে বিমানদুখন মালৱা ঘাইপথৰ কাষতে আহি পৰেহি ।

খবৰ অনুসৰি, Soldotna Airportৰ পৰা উৰা মাৰিছিল দুয়োখন বিমান ।