অসম

AIUDF-ৰ যদি নূন্যতমো লাজ আছে, তেন্তে ৰাজ্যসভাৰ নিৰ্বাচনত ভোট দিব নালাগে কংগ্ৰেছকঃ পীযুষ হাজৰিকা

ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ আৰু এইআইইউডিএফৰ সংঘাতৰ সুযোগ গ্ৰহণ কৰিছে এতিয়া বিজেপিয়ে। মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্যত স্পষ্ট হৈ পৰিল সেই কথা।

কংগ্ৰেছ-এআইইউডিএফৰ সংঘাত সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে কংগ্ৰেছে ইমান বেয়াকৈ কোৱাৰ পিছত, দগাবাজ বুলি কোৱাৰ পিছত যদি এআইইউডিএফৰ অলপো লাজ আছে, তেন্তে কংগ্ৰেছক ভোট দিব নালাগে।

এপিচিচিৰ সভাপতি ভূপেন বৰাই ৰাজ্যসভাৰ কংগ্ৰেছ প্ৰাৰ্থী ৰিপুণ বৰাক ৰাজনৈতিক ভাৱে হত্যা কৰাৰ চেষ্টা চলাইছে বুলিও মন্তব্য কৰে মন্ত্ৰীজনে। তেওঁ কয় যে নিৰ্বাচনত বাৰে বাৰে পৰাজিত হোৱা ভূপেন বৰাই ৰিপুণ বৰা জয়ী হোৱাটো বিচৰা নাই বাবে নিৰ্বাচনৰ পূৰ্বেই তেওঁক নক আউট কৰিব বিচাৰিছে।

ইফালে এআইইউডিএফৰ ভোট আমাক নালাগে বুলি পুনৰ এবাৰ মন্তব্য কৰি পীযুষ হাজৰিকাই কয় যে কংগ্ৰেছৰ কেইটামান ভোট বিজেপিয়ে লাভ কৰাটো নিশ্চিত। আৰু তেনে হ’লে তীব্ৰ অস্বস্তিত পৰিব এপিচিচিৰ সভাপতি ভূপেন বৰা। সেইবাবেই তেওঁ নিৰ্বাচনৰ পূৰ্বে এআইইউডিএফৰ ওপৰত দোষ জাপি দিব বিচৰা বুলিও মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰকিাই।

উল্লেখ্য যে, বৃহস্পতিবাৰে ৰাজ্যত দুখন আসনৰ বাবে অনুষ্ঠিত হব ৰাজ্যসভাৰ নিৰ্বাচন। ৰাজ্যসভা নিৰ্বাচনক লৈ পূৰ্বে কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত মিত্ৰতা হৈছিল যদিও নিৰ্বাচনৰ মাত্ৰ এদিন পূৰ্বেই দুয়োটা দলৰ মাজত ঘটা সংঘাতে নিশ্চিতভাৱে বিজেপিক সহায় কৰিছে।

Related Articles

Leave a Reply

Back to top button