fbpx
অসম

AIUDFৰ দৰে এহাজাৰ কোটি দল আহিলেও শেষ কৰিব নোৱাৰে কংগ্ৰেছকঃ ৰেকিবুদ্দিন আহমেদ…

এআইইউডিএফৰ দৰে এহাজাৰ কোটি দল আহিলেও শেষ কৰিব নোৱাৰে কংগ্ৰেছক। এই মন্তব্য কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ।

ৰাজ্যসভা নিৰ্বাচনত এআইইউডিএফে বিশ্বাসঘাতকতা কৰাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে, ৰাজ্যসভাৰ নিৰ্বাচনত এআইইউডিএফে সমৰ্থন নজনোৱা হ’লে উমৈহতীয়া প্ৰাৰ্থী প্ৰদানৰ কোনো প্ৰশ্নই নুঠিল হেঁতেন।

আনহাতে নিৰ্বাচনৰ পিছত কংগ্ৰেছ শেষ হৈ গ’ল, কংগ্ৰেছ ডুবন্ত নাও বুলি এআইইউইডিএফে কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰেকিবুদ্দিন আহমেদে কয় যে, কংগ্ৰেছ কেতিয়াও শেষ হৈ নাযায়। ভাৰত ৰাষ্ট্ৰ থকালৈকে কংগ্ৰেছ থাকিব।

ইতিহাসৰ পৰা উদাহৰণ তুলি আনি তেওঁ কয় যে, প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ শাসনকালত ইমাৰজেন্সীৰ পিছতো বহুতে ভাৱিছিল যে কংগ্ৰেছ শেষ হৈ যাব। কিন্তু পুনৰ কংগ্ৰেছে বিশাল জয়লাভেৰে চৰকাৰ গঠন কৰিছিল।

অসমতো হিতেশ্বৰ শইকীয়াৰ শাসনৰ পিছত যেতিয়া অগপৰ চৰকাৰ গঠন হৈছিল, তেতিয়া অনেকে ভাৱিছিল যে কংগ্ৰেছ অসমৰ পৰা নিঃশেষ হৈ যাব। কিন্তু পৰৱৰ্তী সময়ত তৰুণ গগৈয়ে ৩বাৰকৈ মুখ্যমন্ত্ৰী হৈছিল।

কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয় যে এয়া সঁচা যে এতিয়া কংগ্ৰেছ বিৰোধীৰ স্থানত আছে। গনতন্ত্ৰত শাসক-বিৰোধী দুয়ো পক্ষই থাকে। এতিয়া কংগ্ৰেছৰ বেয়া দিন চলিছে। কিন্তু শীঘ্ৰে কংগ্ৰেছৰ ভাল দিন আহিব আৰু দলৰ পুনৰ উত্থান ঘটিব।

এআইইউডিএফৰ দৰে এহাজাৰ কোটি দল আহিলেও কংগ্ৰেছক শেষ কৰিব নোৱাৰে বুলি মন্তব্য কৰে ৰেকিবুদ্দিন আহমেদে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!