শতাধিকৰ হত্যাকাৰী ‘চেইন কিলাৰ’ চিকিৎসক অৱশেষত আৰক্ষীৰ জালত

শতাধিকৰ হত্যাকাৰী ‘চেইন কিলাৰ’ চিকিৎসক অৱশেষত আৰক্ষীৰ জালত

July 31, 2020 0 By NEWS DESK

নেশ্যনলে ডেস্ক। চিকিৎসকক ভগৱানৰ ৰূপ বুলি কোৱা হয় যদিও একাংশ চিকিৎসকে এই মহান বৃত্তিটোকে যেন কলুষিত কৰি পেলাইছে।

শেহতীয়াকৈ এনে এজন কুখ্যাত চিকিৎসক আৰক্ষীৰ জালত পৰিছে, যিয়ে কমেও ১੦੦টা হত্যাকাণ্ড সংঘটিত কৰিছে তথা অন্য বহু বে-আইনী কামত জড়িত হৈ চিকিৎসা বৃত্তিটােকে কলংকিত কৰিছে।

এই কুখ্যাত চিকিৎসকজনৰ নাম হৈছে দেবেন্দ্ৰ শৰ্মা।

দিল্লী আৰক্ষীৰ জিম্মাত ডাঃ দেবেন্দ্ৰ শৰ্মা

নতুন দিল্লীত আৰক্ষীৰ জালত পৰিছে জে’লৰ পৰা পেৰ’ল লৈ আত্মগােপন কৰা দেৱেন্দ্ৰ শৰ্মা।

আৰক্ষীৰ মতে, শতাধিক লোকক হত্যা কৰিছে দেৱেন্দ্ৰই।

জয়পুৰৰ কেন্দ্ৰীয় কাৰাগাৰত ১৬ বছৰ ধৰি কাৰাবন্দী হৈ থকা দেবেন্দ্ৰক যোৱা জানুৱাৰীত ২০ দিনৰ বাবে পেৰ’লত মুক্তি দিয়া হৈছিল।

কিন্তু পেৰ’লৰ দিন সম্পূৰ্ণ হোৱাৰ পাছতো কাৰাগাৰলৈ উভতি নগৈ আত্মগোপন কৰে।

অৱশেষত গােপন সূত্ৰৰ খবৰৰ ভিত্তিত দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই দেবেন্দ্ৰক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে বিহাৰৰ চিৱানৰ পৰা চিকিৎসকৰ শিক্ষা গ্ৰহণ কৰা দেবেন্দ্ৰই পৰৱৰ্তী সময়ত ৰাজস্থানৰ জয়পুৰলৈ যায়।

১৯৮৪ত জয়পুৰত এখন ক্লিনিক খোলে দেবেন্দ্ৰই।

১৯৯২ত গেছৰ বিতৰকৰ ব্যৱসাৰ বাবে ১১ লাখ টকা বিনিয়োগ কৰে, কিন্তু ব্যৱসায়ত সফল হ’ব নোৱাৰিলে। ফলত জীৱনলৈ নামি আহে আৰ্থিক সংকট।

ইয়াৰ পাছত ধনৰ বাবে অপৰাধৰ জগতত প্ৰৱেশ কৰে দেবেন্দ্ৰই।

১৯৯৪ চনত কিড্নীৰ অবৈধ বেহাৰে জড়িত হৈ পৰে ডাঃ দেবেন্দ্ৰ।

জয়পুৰৰ পৰা এই অবৈধ বেহা কালক্ৰমত বল্লভগড় তথা গুৰুগ্ৰামলৈ সম্প্ৰাসাৰিত কৰে।

১৯৯৪১ পৰা ২০০৪ পৰ্যন্ত ১২৫ জনৰো অধিক লোকৰ অস্ত্ৰোপচাৰৰ জড়িয়তে গোপনে কিডনি উলিয়াই নিয়ে।

এনে একেটা কিডনিৰ বাবে পাঁচৰ পৰা সাত লাখ পৰ্যন্ত টকা লাভ কৰিছিল দেবেন্দ্ৰই।

ইয়াতে ক্ষান্ত নাথাকি এইবাৰ অপহৰণ তথা ধন লৈ হত্যাকাণ্ডও সংঘটিত কৰিবলৈ লয়।

নিজৰ এই অপৰাধ কাৰ্য আগবঢ়াই নিবলৈ বহু কেইজনক সহযোগী হিচাপেও লয় দেবেন্দ্ৰই।

ভাড়া কৰি অনা টেক্সীৰ বহু চালকক হত্যা কৰি ঘঁৰিয়ালৰ খাদ্য হ’বলৈ খালত মৃতদেহ পেলাই দিছিল।

এনে চুৰি টেক্সী ২০-২৫ হেজাৰ টকাত বিক্ৰী কৰি দিয়া হৈছিল।

২০০৪ত কিড্নী চুৰিৰ বাবে জয়পুৰৰ বহু কেইজন চিকিৎসকৰ স’তে গ্ৰেপ্তাৰ হয় দেবেন্দ্ৰ।

rohinya
priyanka-nick
red light red flag