শােকাৱহ ঘটনা! ট্ৰেন্সফৰ্মাৰৰ বিস্ফোৰণত মৃত্যু স্কুটি আৰোহী পিতা-পুত্ৰীৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

পথৰ দাঁতিত থকা ট্ৰেন্সফ’ৰ্মাৰত হঠাতে বিস্ফােৰণ ঘটি কৰুণ মৃত্যু স্কুটি আৰােহী দুই পিতা-পুত্ৰীৰ।

এই ঘটনা সংঘটিত হ’ল কৰ্ণাটকৰ দক্ষিণ বাংগালুৰুৰ নাইচ ৰোডত।

জানিব পৰা মতে, বুধবাৰে দুপৰীয়া সংঘটিত বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ ফলত এজন ৫৫ বছৰীয়া ব্যক্তি আৰু তেওঁৰ ১৯ বছৰীয়া জীয়েকৰ মৃত্যু হয়।

p5 9
শােকাৱহ ঘটনা! ট্ৰেন্সফৰ্মাৰৰ বিস্ফোৰণত মৃত্যু স্কুটি আৰোহী পিতা-পুত্ৰীৰ 6

জানিব পৰা মতে, গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱাৰ পিছত জীৱনৰ বাবে যুঁজি থকা ১৯ বছৰীয়া চৈতন্যাৰ বৃহস্পতিবাৰে পুৱা ২ বজাত মৃত্যু হয়, আনহাতে ঘটনাটো সংঘটিত হোৱাৰ কেইঘণ্টামান পিছতে বুধবাৰে তেওঁৰ দেউতাক শিৱৰাজৰ মৃত্যু হয়।

ভুক্তভোগী দুগৰাকী মঙ্গনাহাল্লিৰ বাসিন্দা আছিল।

G5 16
শােকাৱহ ঘটনা! ট্ৰেন্সফৰ্মাৰৰ বিস্ফোৰণত মৃত্যু স্কুটি আৰোহী পিতা-পুত্ৰীৰ 7

চৈতন্যাৰ আঙুঠি পিন্ধোৱা অনুষ্ঠানৰ বাবে এখন সন্মিলন কেন্দ্ৰ বুক কৰাৰ পিছত পিতৃ-কন্যাই বাইকত ঘৰলৈ উভতি অহাৰ সময়ত সংঘটিত হোৱা দুৰ্ঘটনাটোৰ পিছত তেওঁলোক দুয়োকে ভিক্টোৰিয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

আৰক্ষীয়ে জনোৱা মতে, বাংগালোৰ বিদ‍্যুত যোগান পৰিষদৰ দ্বাৰা স্থাপন কৰা ট্ৰেন্সফৰ্মাৰটো বিস্ফোৰণ হোৱাৰ সময়ত শিৱৰাজে ৰাস্তা পাৰ হ’বলৈ বাইকখন লেহেম কৰি দিছিল।

2
শােকাৱহ ঘটনা! ট্ৰেন্সফৰ্মাৰৰ বিস্ফোৰণত মৃত্যু স্কুটি আৰোহী পিতা-পুত্ৰীৰ 8

বিস্ফোৰণৰ ফলত ট্ৰেন্সফৰ্মাৰৰ পৰা নিৰ্গত তেলে বাইকখন আৱৰি ধৰাত তেওঁলোক গুৰুতৰ ভাৱে অগ্নিদগ্ধ হৈছিল।

বিস্ফোৰণটো বুধবাৰে আবেলি ৩ বজাত সংঘটিত হৈছিল ।

p4 11
শােকাৱহ ঘটনা! ট্ৰেন্সফৰ্মাৰৰ বিস্ফোৰণত মৃত্যু স্কুটি আৰোহী পিতা-পুত্ৰীৰ 9

অগ্নি আৰু জৰুৰীকালীন সেৱাৰ এজন বিষয়াই জনোৱা মতে নাগাৰ্ভৱী অগ্নি নিৰ্বাপক কেন্দ্ৰৰ পৰা এখন পানীৰ টেংকাৰ ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছিল আৰু ই ট্ৰেন্সফৰ্মাৰ আৰু বাইকৰ জুই নুমুৱাইছিল।

স্থানীয় বিধায়ক এছ টি সোমাশেকাৰৰ নিৰ্দেশৰ পিছত, জ্ঞানভৰ্থী আৰক্ষীয়ে অপৰাধমূলক অৱহেলাৰ বাবে বেচকমৰ কাৰ্যবাহী অভিযন্তা আৰু অন্যান্য বিষয়াসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

স্থানীয় বাসিন্দাসকলে দাবী কৰিছে যে তেওঁলোকে ট্ৰেন্সফৰ্মাৰৰ পৰা তেল নিৰ্গত হোৱাৰ বিষয়ে বেচকমক পূৰ্বৰ পৰাই অভিযোগ কৰি আহিছিল যদিও তেওঁলোকে কোনো ব‍্যৱস্থা গ্ৰহণ কৰা নাছিল।

লগতে চাওকঃ

শােকাৱহ! খেলি থাকোতে পানী যোগান আঁচনিৰ লোৰ গেট ভাগি ৩ বছৰীয়া শিশুৰ কৰুণ মৃত্যু

G1 43
শােকাৱহ ঘটনা! ট্ৰেন্সফৰ্মাৰৰ বিস্ফোৰণত মৃত্যু স্কুটি আৰোহী পিতা-পুত্ৰীৰ 10

Leave a Comment