নিউজ ডেস্ক। পেগাছাছ চােৰাংচােৱাগিৰি কাণ্ডক লৈ বিশ্বৰ লগতে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়া অব্যাহত আছে।
ইতিমধ্যে এই কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া চলিছে দেশৰ উচ্চতম ন্যায়ালয়ত।
সাংবাদিক, ৰাজনীতিবিদ, ব্যৱসায়ীৰ ফোন হেক কৰি কেন্দ্ৰীয় চৰকাৰে একনায়কত্ববাদী শাসন চলোৱাৰ অভিযোগ দীৰ্ঘদিনৰ পৰাই চলাই আহিছে।

বৰ্তমান এই গোচৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে।
তাৰ মাজতে এইবাৰ অসমত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে উত্থাপন হৈছে অবৈধ ফোন টেপিংৰ অভিযোগ। এই অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে।
বিৰোধীৰ অভিযোগ অনুসৰি, বিভিন্ন জাতীয় দল-সংগঠনৰ নেতা আৰু বিৰোধীৰ ফোন টেপিং কৰি দমনমূলক নীতি প্ৰদৰ্শনৰ চেষ্টা চলাইছে অসম চৰকাৰে।
বিধানসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই শেহতীয়াকৈ চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰিছে ফোন টেপিংৰ অভিযোগ।
শইকীয়াৰ অভিযোগ অনুসৰি, নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ সময়ৰে পৰা কেইবাগৰাকীও জাতীয় দল-সংগঠনৰ নেতা আৰু বিৰোধী নেতাৰ ফোন টেপ কৰি আহিছে বিজেপি চৰকাৰে।
উল্লেখ্য যে, কিছুদিন পূৰ্বে আৰক্ষী বিষয়া পুষ্পকমল বৰুৱাক বিজেপি বিধায়ক অমিয় ভূঞাই ফৌনিক ভাবুকি প্ৰদান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফোন ৰেকৰ্ডিং অনৈতিক আৰু অপৰাধ বুলি অভিহিত কৰিছিল।
কিন্তু সেইগৰাকী মুখ্যমন্ত্ৰী আৰু তেওঁৰ দ্বাৰা পৰিচালিত চৰকাৰৰ বিৰুদ্ধেই বিৰোধীয়ে ফোন টেপিংৰ অভিযোগ উত্থাপন কৰাত এতিয়া কোনো স্পষ্টীকৰণ প্ৰদান কৰা নাই শাসকীয় পক্ষই।
এনে পৰিপ্ৰেক্ষিতত বিৰোধী নেতা দেৱব্ৰত শইকীয়াই চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ সঁচা হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে অনেকেই।
লগতে চাওকঃ
শোকাৱহ! দ খাৱৈত বাগৰি পৰিল বাহন, ৭ গৰাকী মেডিকেল ছাত্ৰৰ কৰুণ মৃত্যু










