দূৰন্ত মন! ৭০ বছৰ বয়সত হোমিঅ’পেথিক চিকিৎসাৰ ডিপ্ল’মা লাভ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ

নিউজ ডেস্কঃ ৭০ বছৰ বসয়ত অদমনীয় ইচ্ছাশক্তিৰে হোমিঅ’পেথিক চিকিৎসাৰ ডিপ্লমা লাভ কৰিবলৈ সক্ষম হ’ল এগৰাকী ব্যক্তিয়ে।

উত্তৰ পশ্চিম যোৰহাটৰ সকাইখঙীয়া গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক হৰেশ্বৰ বৰাই কৰি দেখুওৱা কাৰ্যই আজি অনুপ্ৰাণিত কৰিছে বহুতকে।

শিক্ষকতা জীৱনৰ পৰা অৱসৰ গ্ৰহণৰ পিছতো থমকি নৰৈ অদ্যম ইচ্ছাশিক্তা আৰু আত্মবিশ্বাসৰ জৰিয়তে দূৰ শিক্ষাৰ যোগেদি হোমিঅ’পেথিক চিকিৎসাৰ ডিপ্লমা লাভ কৰে হৰেশ্বৰ বৰাই।

photo1657193889
দূৰন্ত মন! ৭০ বছৰ বয়সত হোমিঅ’পেথিক চিকিৎসাৰ ডিপ্ল’মা লাভ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ 2

উল্লেখ্য যে, হোমিঅ’পেথিক চিকিৎসাৰ প্ৰতি থকা ৰাপৰ বাবেই গুৱাহাটীৰ আনন্দ নগৰস্থিত নেশ্যনেল কলেজ অৱ আলটাৰনেটিভ মেডিচিনছ এণ্ড কম্পাউণ্ড হোমিঅ’পেথিত নামভৰ্তি কৰিছিল হৰেশ্বৰ বৰাই।

২০২২ বৰ্ষৰ ফেব্ৰুৱাৰীত এই শিক্ষাৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতাৰে তেওঁ এমডিচিএইচ, বিডিডিচিএইচ আৰু এফআৰচিএইচ ডিপ্লমা লাভ কৰিবলৈ সক্ষম হয়।

২০১৩ চনত নহটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পদৰ পৰা অৱসৰ গ্ৰহণ কৰা হৰেশ্বৰ বৰাই তেওঁক শিক্ষকতাৰ বাবে যোৰহাট জিলাৰ কৃতী শিক্ষকৰ বঁটা আৰু ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল।

আনহাতে এগৰাকী লেখক হিচাপেও সুপৰিচিত হৰেশ্বৰ বৰাৰ ইতিমধ্যে প্ৰকাশ পাইছে তিনিখনকৈ গ্ৰন্থ।