চৰাইদেউত বিষাক্ত কাঠফুলা খাই গুৰুতৰভাৱে অসুস্থ একেটা পৰিয়ালৰ ৫ সদস্য !

চৰাইদেউত বিষাক্ত কাঠফুলা খাই গুৰুতৰভাৱে অসুস্থ একেটা পৰিয়ালৰ ৫ সদস্য !

June 30, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- বিষাক্ত কাঠফুলা খাই চৰাইদেউত অঘটন ।

একেটা পৰিয়ালৰ ৫ সদস্য অসুস্থ ।

কিছুদিন পূৰ্বে চৰাইদেউ জিলাৰ চফ্ৰাই আৰু কানু বালিজান গ্ৰাণ্টত বিষাক্ত কাঠফুলা ভক্ষণ কৰি একেটা পৰিয়ালৰ তিনিজনসহ মুঠ চাৰিজন লোকৰ মৃত্যু হোৱাৰ পিছত মঙলবাৰে পুনৰ জিলাখনৰ অন্তৰ্গত টাউকাক চাহ বাগিচাৰ ১০নং লাইনত বিষাক্ত কাঠফুলা ভক্ষণ কৰাৰ ফলত একেটা পৰিয়ালৰ পাঁচগৰাকী লােক গুৰুতৰভাৱে অসুস্থ হৈছে ।

খবৰ অনুসৰি, বাগিচাখনৰ বিনোদ পাইকে ( ২৫) ঘৰৰ সমীপৰ পৰা বনৰীয়া কাঠফুলা বুটলি আনি সকলোৱে মিলি খাইছিল ।

কিন্তু কিছু সময়ৰ পিছত বিনোদ পাইক, অনিশা পাইক(২২), মনীষা লাকৰ (২০), ৰাধা পাইক(১০) আৰু টিনা পাইক (২৩)ৰ শৌচ আৰু বমি হ’বলৈ আৰম্ভ কৰে ।

লগে লগে অসুস্থ আটাইকেইজনকে চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত ভর্তি কৰােৱা হয় যদিও আটাইৰে অৱস্থা সংকটজনক হোৱাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।