ডাঙৰ খবৰ ! ৰাজ্যত কৰ’ণাত আক্ৰান্ত হৈ পুনৰ ৪গৰাকী লোকৰ মৃত্যু…

ডাঙৰ খবৰ ! ৰাজ্যত কৰ’ণাত আক্ৰান্ত হৈ পুনৰ ৪গৰাকী লোকৰ মৃত্যু…

August 2, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- অসমত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে ।

প্ৰতিদিনে অতি ভয়াৱহভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ।

ৰাজ্যত পুনৰ ৪ গৰাকী লোকে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে ।

মৃত্যু হোৱা ৰোগী কেইগৰাকী হৈছে- কৰিমগঞ্জৰ মৃদুলা ঘোষ(৫৪), কামৰূপ মেট্ৰৰ ৫০ বছৰীয়া চন্দ্ৰ দাস, তিনিচুকীয়াৰ ৬২বছৰীয়া সান্তা সৰকাৰ আৰু যোৰহাটৰ ৫২বছৰীয়া সমীৰ ফুকন ।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিলে এই তথ্য ।

উল্লেখ্য যে, ৰাজ্যত এই পৰ্যন্ত মুঠ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১০৫ জনলৈ বৃদ্ধি ।