শোকাৱহ ! ভয়ংকৰ নাও দুৰ্ঘটনাত সলিল সমাধি ঘটিল ৩০ গৰাকীকৈ লোকৰ…

শোকাৱহ ! ভয়ংকৰ নাও দুৰ্ঘটনাত সলিল সমাধি ঘটিল ৩০ গৰাকীকৈ লোকৰ…

June 29, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- এক শোকাৱহ নাও দুৰ্ঘটনা !

বাংলাদেশৰ বুঢ়ীগংগা নদীত সংঘটিত ভয়ংকৰ নাও দুৰ্ঘটনাত এতিয়ালৈ ৩০ গৰাকী মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

Bodies of victims retrieved after the accident in Dhaka, Bangladesh, on Monday.

এখন নাৱে আন এখন নাওত খুন্দা মৰাৰ ফলতে ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।

মুঞ্চিগঞ্জৰ পৰা ঢাকা অভিমুখে আহি থকা মৰ্ণি বাৰ্ড নামৰ নাৱখনক ময়ুৰ-২ নামৰ অন্য এখন নাৱে খুন্দা মৰাৰ ফলতে শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় ।

জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত নাৱখনত ১০০ গৰাকী যাত্ৰীয়ে যাত্ৰা কৰিছিল ।

এই পৰ্যন্ত ১৯ গৰাকী পুৰুষ, ৮ গৰাকী মহিলা আৰু তিনি গৰাকী শিশুৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলে ।